/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d07b99bc-f855-46d1-8022-2fd6bf680434/absu_05.jpg)
মেৰাপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনঃ অভ্যৰ্থনা সমিতি গঠন...
ডিজিটেল সংবাদ মেৰাপানীঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫৬ সংখ্যক কেন্দ্ৰীয় অধিবেশনখনি অনুষ্ঠিত হ'ব মেৰাপানীত। অহা ২০২৪ চনৰ জানুৱাৰী মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগা এবছুৰ কেন্দ্ৰীয় অধিৱেশন উপলক্ষে বুধবাৰে তেলীশালত গঠন কৰা হয় অভ্যৰ্থনা সমিতি।
কেন্দ্ৰীয় অধিবেশনখনি আয়োজনৰ উপলক্ষে তেলীশালৰ ৰঙ্গমঞ্চত বুধবাৰে অনুষ্ঠিত হয় ৰাজহুৱা সভা। উক্ত সভাত উপস্থিত থাকে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়ো, উপ সভাপতি খ্ৰুমদাউ ৱাৰী, সম্পাদক খনেন বসুমতাৰী, উপদেষ্টা কুসুম স্বৰ্গীয়াৰী, বড়ো কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ উপ মুখ্য কাৰ্যৱাহী ৰমিঅ' পি নাজাৰী, ই বি পিঅ'ৰ সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম আদি লোকসকল।
গোলাঘাট জিলা এবছুৰ সভাপতি সঞ্জয় ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভ্যৰ্থনা সমিতি গঠনৰ ৰাজহুৱা সভাখনত গোলাঘাট জিলা বড়ো সাহিত্য সভা, বড়ো মহিলা কল্যাণ পৰিষদ, গোলাঘাট বাথৌ মহাসভা, গোলাঘাট জিলা সনাতন ব্ৰহ্ম ধৰ্মৰ বিষয় ববীয়াসকল উপস্থিত থাকে। এই অনুষ্ঠানতে এবছুৰ কেন্দ্ৰীয় সমিতিৰ অধিবেশনখনি সফল ৰূপায়ণৰ বাবে বড়ো কছাৰী স্বায়ত্ত কল্যাণ পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰমিঅ' পি নাজাৰীক সভাপতি নিৰ্বাচিত কৰে।
এবছুৰ অধিবেশনৰ সন্দৰ্ভত কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে কয় যে, বড়ো জাতিটোৰ কল্যাণৰ হকে কাম কৰি যোৱা এবছুৱে এই অধিৱেশনত শিক্ষা, আৰ্থ সামাজিক, ভূমি পট্টন, সীমা বিবাদ আদি বিষয়সমূহত বিশেষভাৱে আলোকপাত কৰিব।
Also Read: আজি বিশ্বকাপৰ প্ৰথমখন মেচঃ কোন বেছি শক্তিশালী? পিটছে সহায় কৰিব কাক? চাওক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us