/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a244cb8a-9d0b-4170-bebf-8f0cbdf3c9e5/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ অৱশেষত চাহ শ্ৰমিকৰ দাবী মানি লবলৈ বাধ্য হ'ল অসম চৰকাৰ। চাহ শ্ৰমিকৰ দাবী মানি লোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণক ধন্যবাদ জনাইছে আটাছাই।
উল্লেখ্য যে, পৱিত্ৰ কৰম পূজাৰ দিনটো পেইড হ'লিডেৰ পৰিৰ্ৱতে অন্য এটা দিনত কাম কৰি দিব লাগিব বুলি শ্ৰম বিভাগৰ তৰফৰ পৰা জাননী জাৰী কৰিছিল। সেই জাননীৰ পাছতেই চুক্তি উঠাই ল'বলৈ চৰকাৰৰ বিৰুদ্ধে বাগানে বাগানে প্ৰতিবাদ সাব্যস্ত কৰিছিল চাহ শ্ৰমিকসকলে।
প্ৰতিবাদৰ সমান্তৰালভাবে চাহ বাগিছাত বিজেপিৰ মন্ত্ৰী বিধায়কৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল চাহ শ্ৰমিক তথা আটছাই। প্ৰতিবাদৰ উচিত সঁহাৰি জনাই চাহ শ্ৰমিকৰ এই দাবী অসম চৰকাৰে মানি লোৱাত আন্দোলন প্ৰত্যাহাৰ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই।
Also Read: দৰঙা সংৰক্ষিত বনাঞ্চলৰ বাসিন্দাক ভূমি খালী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ