দৰঙা সংৰক্ষিত বনাঞ্চলৰ বাসিন্দাক ভূমি খালী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

দৰঙা সংৰক্ষিত বনাঞ্চলৰ বাসিন্দাক ভূমি খালী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author-image
Asomiya Pratidin
New Update
দৰঙা সংৰক্ষিত বনাঞ্চলৰ বাসিন্দাক ভূমি খালী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ বাক্সাৰ দৰঙা সংৰক্ষিত বনাঞ্চলৰ বাসিন্দাক ভূমি খালী কৰাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বাসিন্দাসকলক অবৈধ দখলকাৰী আখ্যা দি তিনিমাহৰ ভিতৰত সকলোকে অঞ্চলটো খালী কৰাৰ জাননী জাৰি কৰিছে।

Advertisment

যদি স্ব-ইচ্ছাই খালী নকৰে, তেন্তে চৰকাৰে উচ্ছেদ কৰিব পাৰিব বুলি উল্লেখ কৰে নিৰ্দেশনাত। উল্লেখ্য যে, উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল মজিবুৰ ৰহমানসহ আন ৮৮জনে লোকে। 

ন্যায়ালয়ে তেওঁলোকৰ আবেদন খাৰিজ কৰি আবেদন কৰিলে ভূমি নীতিৰ আধাৰত বাসিন্দাসকলক সহায় কৰা হ’ব নিৰ্দেশনাত উল্লেখ কৰে। তদুপৰি ৩০ দিনৰ ভিতৰত আবেদনকাৰীক অন্ন, বস্ত্র, বাসস্থানৰ যোগান ধৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Also Read: ৰাজহমন্ত্রীৰ সহিতে ২৫জনীয়া দলৰ পৰা কাম-কাজৰ খতিয়ান ল’লে ৰাজ্যপালে

guwahati high court GOVT OF ASSAM