মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

একাংশ সমৰ্থকে মিলনক ঘোষণা কৰিলে সভাপতি হিচাপে
মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ গোলাঘাটঃ কয়লা, চুপাৰী মাফিয়া তথা ধনৰ বিনিময়ত কাৰোবাক শাসকীয় দলৰ টিকট যোগাৰ কৰি দিয়া আদি বিভিন্ন বিষয় লৈ উদ্ভৱ হোৱা পৰিস্থিতিত পৰি বিতৰ্কৰ মাজেৰে কিছুদিনৰ পূৰ্বে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা অপসাৰিত হৈছিল মিলন বুঢ়াগোহাঁই। সেইগৰাকী মিলন বুঢ়াগোহাইইকে পুনৰ সংগঠনটোৰ সভাপতিৰ দায়িত্ব দিবৰ বাবে উঠিপৰি লাগিছে একাংশ।

ইয়াকে লৈ শুকুৰবাৰে গোলাঘাটৰ বীৰাংগনা সাধনী ভৱনত অনুষ্ঠিত হোৱা এখন সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উল্লেখ্য যে মিল বুঢ়াগোহাঁইক পুনৰ সংগঠনটোৰ সভাপতি পদত অধিস্থিত কৰিবলৈ একাংশই এক সভা অনুষ্ঠিত কৰে। এই খবৰ পোৱাৰ পিছতে টাই আহোম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাজনো বিষয়ববীয়াই সেই সভাস্থলীত উপস্থিত হৈ প্ৰতিবাদ কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে দুয়োপক্ষৰ মাজত হাতাহতিৰো সৃষ্টি হয়।

সংগঠনটোৰ গোলাঘাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পংকজ গগৈ আৰু কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগাঠনিক সম্পাদক কৃষ্ণ বৰুৱাই জানিবলৈ দিয়া অনুসৰি আজি কেইমাহমানৰ পূৰ্বে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাইৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে তেওঁক সভাপতিৰ পদৰ পৰা অপসাৰণ কৰা হয় আৰু সংগঠনটোৰ তদানীন্তন উপ-সভাপতি বসন্ত গগৈক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব আৰোপ কৰা হয়।

ইয়াৰ পাছতে যোৱা জানুৱাৰী মাহত চাৰাইদেউত হোৱা সংগঠনটোৰ পূৰ্ণাংগ অধিৱেশনৰ প্ৰতিনিধি সভাই বসন্ত গগৈক সংগঠনটোৰ সভাপতি হিচাপে মনোনীত কৰে আৰু পৰবৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত হোৱা এখন সভাত শপত গ্ৰহণো কৰে। তেতিয়াৰ পৰাই স্বাভাৱিকভাবেই সংগঠনৰ কাম কাজ চলি আছিল।

টাই আহোম ছাত্ৰ নেতা কেইজনে কয় যে, অপসাৰিত তথা পলাতক হৈ থকা সভাপতি মিলন বুঢ়াগোহাঁয়ে কেইদিনমানৰ পূৰ্বে জামিন লাভ কৰাৰ পাছতে শুকুৰবাৰে হঠাৎ সংগঠনটোৰ নামত গোলাঘাটৰ সতী সাধনী কলাক্ষেত্ৰত গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰো অধিকাংশ বিষয়ববীয়াৰ অজ্ঞাতে তেওঁৰ কেইজন মান সৰ্তীথই সভা পাতি পুনৰ সদৌ অসম টাই আহোম ছাত্ৰসন্থাৰ সভাপতি হিচাপে ঘোষণা কৰে। এই কথা জানিব পাৰি সংগঠনটোৰ গোলাঘাট জিলা সমিতি আৰু গোলাঘাটস্থিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল সভাস্থলীলৈ গৈ প্ৰতিবাদ কৰে।

ফলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে দুয়োপক্ষৰ মাজত হতাহতিও হয়। মনকৰিবলগীয়া কথা যে, মিলন বুঢ়াগোহাঁইৰ সমৰ্থকসকলে পাছত সংবাদ মাধ্যমৰ আগত মিলন বুঢ়াগোহাঁইক পুনৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত কৰা বুলি ঘোষণাও কৰে। পাছত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱাই এই সভা অবৈধ বুলি সংবাদ মাধ্যমক জানিবলৈ দি কয় যে, প্ৰয়োজন হ'লে আহোম জাতীয় সংগঠনটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰা স্বয়ম্ভুসকলৰ বিৰুদ্ধে অচিৰেই আইনৰ কাষ চপা হ'ব।

মিলন বৰগোহাঁইক লাগে পুনৰ আটাছুৰ সভাপতি পদঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি
আই পি এল আৰু আই চি চি টুৰ্ণামেণ্টৰ মাজৰ প্ৰাৰ্থক্য কি? ক'লে বিৰাট কোহলিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in