গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে স্মাৰক আমছুৰ

গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে স্মাৰক আমছুৰ

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰঃ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে স্মাৰক আমছুৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ যোৱা ২৪ জুলাইত গোলাঘাটৰ হিন্দী হাইস্কুল ৰোডৰ নিবাসী সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্ৰা ঘোষক দিন দুপৰতে অতি নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰা ঘাতক নাজিবুৰ ৰহমানৰ লগতে এই হত্যাকাণ্ডৰ লগত জড়িতসকলক কঠোৰতকৈ কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে আমছু, খিলঞ্জীয়াই।

Advertisment

এই সন্দৰ্ভত আমছু, খিলঞ্জীয়াৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইচাদ হুছেইন আৰু সাধাৰণ সম্পাদক পাপু হাজৰিকা স্বাক্ষৰিত এক স্মাৰক সোমবাৰে গোলাঘাট জিলাৰ আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি এনেধৰণৰ জঘন্য অপৰাধজনিত ঘটনাসমূহৰ লগত বৰবিহ স্বৰূপ ড্ৰাগছ সেৱন আৰু ড্ৰাগছৰ বেহাৰে জড়িত থকাৰ কথা জানিবলৈ দি সভাপতি, সম্পাদকদ্বয়ে ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ত কৰাৰ লগতে ইয়াৰ ঘাটিসমূহ বন্ধ কৰিবৰ বাবেও মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

Also Read: নগাঁৱৰ সমাজকৰ্মী মুকুট ভূঞা চিকিৎসাধীনঃ চিকিৎসালয়ত বিধায়ক ৰূপক শৰ্মা

Assam police cm himanta biswa sarma All Assam Muslim Student Union