মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত গোলাঘাটত আছুৰ ১৩ ঘণ্টীয়া অনশন

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন

author-image
Asomiya Pratidin
New Update
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত গোলাঘাটত আছুৰ ১৩ ঘণ্টীয়া অনশন

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সমগ্ৰ ৰাজ্যজুৰি লগতে গোলাঘাট জিলাত ৭ ফেব্ৰুৱাৰীৰ পুৱা ৬বজাৰ পৰা সন্ধিয়া ৭বজালৈ সদৌ গোলাঘাট জিলা ছাত্র সন্থাই ১৩ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

Advertisment

গোলাঘাট জিলা ছাত্র সন্থাৰ স্বহীদ ভৱনৰ সন্মুখত বহি পুৱা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত লৈ প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। লগতে উল্লেখ কৰে যে অসম চৰকাৰে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া ভাষাক নিঃশেষ কৰাৰ কথা ভাবিছে আছুৱে এই পদক্ষেপ কেতিয়াও ফলপ্ৰসু হবলৈ নিদিয়ে। প্ৰয়োজনত ইয়াতকৈও জংগী আন্দোলনৰ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাই।

Also Read: নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত বিস্ফোৰণ, প্ৰায় ২২ জনৰ মৃত্যু

aasu protest golaghat