'আমাক পানী লাগিবই' : বাল্টি কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ একাংশ মহিলাৰ

পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ যোগেদি বোকাখাতৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক এই বিষয়ে অৱগত কৰাৰ পাছতো বিভাগটোৱে মেৰামতিৰ ব্যৱস্থা ন’ললে ৷ যাৰ ফলত বিহুৰ সময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হ’ল স্থানীয় ৰাইজ

author-image
Asomiya Pratidin
New Update
'আমাক পানী লাগিবই' : বাল্টি কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ একাংশ মহিলাৰ

ডিজিটেল সংবাদ,কাজিৰঙা : 'আমাক পানী লাগিবই' ৷ এই দাবীৰে ওলাই আহিল কাজিৰঙাৰ একাংশ মহিলা। দীৰ্ঘদিন ধৰি পানী যোগান বন্ধ হৈ থকাত বাল্টি কলহ বজাই প্ৰতিবাদ সাব্যস্ত কৰে কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাই ৷

Advertisment

মহিলাসকলৰ অভিযোগ যে, প্ৰায় ১২ দিন ধৰি এলেকাটোত বন্ধ হৈ আছে পানী যোগান। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কহঁৰা পানী যোগান প্ৰকল্পটো বিকল হৈ পৰাৰ বাবে বন্ধ হৈ পৰে পানী যোগান ৷

ৰাইজৰ অভিযোগ এই যে, পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ যোগেদি বোকাখাতৰ জনস্বাস্থ্য কাৰিকৰী বিভাগক এই বিষয়ে অৱগত কৰাৰ পাছতো বিভাগটোৱে মেৰামতিৰ ব্যৱস্থা ন’ললে ৷ যাৰ ফলত বিহুৰ সময়ত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগিয়া হ’ল স্থানীয় ৰাইজ ৷

তাৰপাছতো কাণসাৰ নাই সংশ্লিষ্ট বিভাগটোৰ ৷ উপায়হীন লোকসকলে খোৱা-ধোৱা সকলো কামতে ব্যৱহাৰ কৰিব লগিয়া হৈছে নদীৰ প্ৰদূষিত পানী ৷ এনে পৰিস্থিতিত চৰকাৰৰ প্ৰতি ভুক্তভোগীসকলে অতি সোনকালে চৰকাৰে পানী যোগান ব্যৱস্থা নিয়মীয়া কৰি ৰাইজক বিপদ মুক্ত কৰিবলৈ অনুৰোধ জনাইছে ৷

Also Read: কুমাৰীকাটাত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ অধিৱেশনৰ লাইখুঁটা স্থাপন

kaziranga Jayanta Mallabarua