/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e297a477-7e0a-415e-9b82-c64835e78257/85.jpg)
ডিজিটেল সংবাদ,তামুলপুৰ : তামুলপুৰ জিলাৰ কুমাৰীকাটাত আজি এক মাংগলিক পৰিৱেশত সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল দাসে ধৰ্মীয় ৰীতি নীতিৰে অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে।
তেওঁক সহযোগ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দুলুজিৎ ভৰালী, কাৰ্য্যকৰী সভাপতি মইনুল হক চৌধুৰী, সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি হাছিম আলিসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। প্ৰথমতে ইছলাম ধৰ্মৰ ৰীতি নীতিৰে আল্লাৰ ওচৰত সকলোৱে দোৱা কৰাৰ পিছতেই অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল দাসে হিন্দু ধৰ্মৰ ৰীতি নীতিৰে মন্ত্ৰ উচ্চাৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
আজিৰ এই কাৰ্যসূচীত উদ্যোক্তাসকলে আগন্তুক ৩০, ৩১ জানুৱাৰীত হ'ব লগা সদৌ বিটিআৰ গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনৰসমূহ কাৰ্যসূচীত সৰ্বস্তৰৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰে ।
Also Read: অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলত ওৰাং জেনিথ ক্লাৱৰ জয়লাভ