/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a3bb09a7-df98-41b5-b6ea-90098bf67088/212.jpg)
ডিজিটেল সংবাদ,বোকাখাত : এইবাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত বিজেপিৰ দখলত থকা এখন গাঁও পঞ্চায়তে প্ৰধান মন্ত্ৰী আবাস যোঁজনাৰ ঘৰ লাভ কৰিবলৈ হিতাধিকাৰীক ভগবানৰ নাম লবলৈ উপদেশ দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে। যাৰ বাবে এখন জৰাজীৰ্ণ ঘৰত বাস কৰি সোমেশ্বৰী কায়স্থ নামৰ মহিলাগৰাকীয়ে বিগত ৩বছৰে এটি চৰকাৰী ঘৰ লাভ কৰিবলৈ তাতবাতি কৰি আছে চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে।
উল্লেখযোগ্য যে বোকাখাত বিধানসভা সমষ্টিৰ বিজেপিৰ দখলত থকা কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ এই সোমেশ্বৰী কায়স্থ নামৰ মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটি ঘৰৰ বাবে আবেদন কৰিছিল। কিন্তু পিছতে তিনি বছৰ পূৰ্বেই ঘৰ লাভ কৰাৰ তথ্য দিছিল খোদ পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে।
লক্ষ্যণীয় বিষয় যে, ইয়াৰ পৰৱৰ্তী সময়ত সেই একে গৰাকী পঞ্চায়ত সভানেত্ৰীয়েই দুৰ্ভগীয়া মহিলাগৰাকীক 'পাগল' আখ্যা দি পঞ্চায়তৰ পৰা ৰহস্যজনকভাৱে খেদি পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে। সমান্তৰালকৈ ৱাৰ্ড সদস্যাগৰাকীয়ে তুচ্ছ-তাচ্ছিল্যৰে মহিলাগৰাকীক কেৱল ভগৱানৰ নাম ল'বলৈ উপদেশ দিলে।
এয়াই কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ পঞ্চায়তীৰাজ ! ইফালে লক্ষ্যণীয় কথাটো হ'ল এটি চৰকাৰী পকী ঘৰৰ আশাত চৰকাৰী কাৰ্যালয়ে কাৰ্যালয়ে তাতবাতি কৰি ফুৰা সোমেশ্বৰী কায়স্থক পূৰ্বৰ মহকুমাধিপতি নেহা যাদবে মাত্ৰ দুখন টিৰ্পাল দিয়েই সামৰিছিল দায়িত্ব।
জানিব পৰামতে দুৰ্ভগীয়া মহিলাগৰাকীয়ে নিজে কৃষিমন্ত্ৰী অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ হাতত দিয়া আবেদন পত্ৰখনত চকু ফুৰাই চোৱাৰ সৌজ্যনতা নেদেখুৱালে কৃষিমন্ত্ৰী অতুল বৰাই। স্বাভাৱিকতেই প্ৰশ্ন হয় প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পাগল আখ্যা দি বা ভগৱানৰ প্ৰবল ভক্ত হ'বলৈ উপদেশ দিয়েই চলিছে নেকি কুৰুৱাবাহী গাঁও পঞ্চায়ত আৰু অতুল বৰাৰ গ্ৰাম্য উন্নয়ণ ?