অস্তিত্বৰ সংকটত গোলাঘাট কংগ্ৰেছ! পুনৰ বহু সংখ্যক কংগ্ৰেছীৰ দল ত্যাগ...

যুৱ কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ মুখপাত্ৰই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান

author-image
Asomiya Pratidin
New Update
অস্তিত্বৰ সংকটত গোলাঘাট কংগ্ৰেছ! পুনৰ বহু সংখ্যক কংগ্ৰেছীৰ দল ত্যাগ...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটত এক প্ৰকাৰৰ অস্তিত্বৰ সংকটত পৰিছে কংগ্ৰেছ দল।গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু জিলা কংগ্ৰেছৰ মুখপাত্ৰ ক্ৰমে দেৱব্ৰত ফুকন আৰু দ্বীপেন বৰুৱাৰ নেতৃত্বত যোৱা এটা দলে বৃহস্পতিবাৰে নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পাছত আজি উক্ত কংগ্ৰেছী নেতাদ্বয়ৰ নেতৃত্বেই ১১০ জনীয়া এটা বৃহৎ দলে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

এই উপলক্ষে বিজেপিৰ গোলাঘাটৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি যোগদান সভাত দলৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনো উপস্থিত থাকে। পাছত বিধায়ক ফুকনে সংবাদ মাধ্যমৰ আগত কয় যে,গোলাঘাট জিলাখন প্ৰায় কংগ্ৰেছ শূণ্য হৈ পৰিছে। যোৱা দুমাহৰ ভিতৰত জিলা কংগ্ৰেছৰ মূল বিষয়ববীয়াসকলৰ বেচিভাগেই ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আৰ্দশৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰিছে।

অন্যহাতে গোলাঘাট জিলা কংগ্ৰেছে শিয়াল বোৰহে বিজেপিলৈ গৈছে বুলি কৰা মন্তব্যৰ প্ৰতি সাংবাদিকে দৃষ্ট আকৰ্ষণ কৰাত বিধায়ক জনে কয় যে, আমাৰ দললৈ কংগ্ৰেছৰ পৰা মানুহেই আহিছে। জীৱ জন্তবোৰ এতিয়াও তাতে আছে যদিও আমি নেজানো। অন্যহাতে নতুনকৈ দায়িত্ব প্ৰাপ্ত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ লগত মই প্ৰায়ে কথা বতৰা পাতি থাকো বুলিও বিধায়কজনে তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে।

Also Read: কাজিৰঙাৰ গঁড়ৰ মৃত্যু, বিষয়াক নিলম্বনঃ বন বিভাগৰ দুমুখীয়া স্থিতিত অসন্তুষ্ট দল,সংগঠন

কংগ্ৰেছ বিজেপি