কাজিৰঙাৰ গঁড়ৰ মৃত্যু, বিষয়াক নিলম্বনঃ বন বিভাগৰ দুমুখীয়া স্থিতিত অসন্তুষ্ট দল,সংগঠন

পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি দাবী কৰিও বন বিষয়া ইকবাল হুছেইনক নিলম্বন
কাজিৰঙাৰ গঁড়ৰ মৃত্যু, বিষয়াক নিলম্বনঃ বন বিভাগৰ দুমুখীয়া স্থিতিত অসন্তুষ্ট দল,সংগঠন
কাজিৰঙাৰ গঁড়ৰ মৃত্যু, বিষয়াক নিলম্বনঃ বন বিভাগৰ দুমুখীয়া স্থিতিত অসন্তুষ্ট দল,সংগঠন

ডিজিটেল সংবাদ কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৩ মাৰ্চৰ পুৱা উদ্ধাৰ হোৱা খৰ্গ বিহীন গঁড়টোৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্য। প্ৰাথমিক তথ্যত গঁড়টোক চোৰাং চিকাৰীয়ে হত্যা কৰা বুলি জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত বন বিভাগৰ ফালৰ পৰা এয়া গঁড়ৰ পাৰস্পৰিক যুঁজত হোৱা মৃত্যু বুলিহে দাবী কৰিছিল।

কিন্তু শেহতীয়াকৈ বন বিভাগে বুঢ়াপাহাৰ বনাঞ্চলৰ বন বিষয়া ইকবাল হুছেইনক নিলম্বন কৰিছে। নিলম্বনৰ কাৰণ হিচাপে তেওঁ কৰ্তব্যত গাফিলতি কৰা বুলি কোৱা হৈছে। এইগৰাকী বিষয়াৰ অধীনস্ত এলেকাতে উদ্ধাৰ হৈছিল খৰ্গ বিহীন গঁড়টো। ইফালে মৃত গঁড়টোৰ খৰ্গ এই পৰ্যন্ত হোৱা নাই উদ্ধাৰ।

পাৰস্পৰিক যুঁজত যদিহে গঁড়টোৰ মৃত্যু হৈছিল তেন্তে কিয় এই পৰ্যন্ত খৰ্গটো উদ্ধাৰ কৰিব পৰা নাই তাক লৈ সৃষ্টি হৈছে প্ৰশ্ন। ইফালে খৰ্গ বিহীন গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানলৈ সাংবাদিকক ফটো, ভিডিঅ' সংগ্ৰহ কৰিবলৈ যোৱাত বাধা প্ৰদান কৰা হৈছিল। বন বিভাগৰ সেই স্থিতিক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

বন বিভাগে উদ্ধাৰ হোৱা গঁড়টোৰ যি ফটো সংবাদ মাধ্যমক যোগান ধৰিছিল সেই ফটোও স্পষ্ট নাছিল। তাত গঁড়ৰ পাৰস্পৰিক যুঁজৰ কোনো স্পষ্ট প্ৰমাণ নাছিল। এনে প্ৰেক্ষাপটত গঁড়ৰ চোৰাং চিকাৰ হোৱা নাই বুলি দাবী কৰা আৰু বন বিষয়াক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগেৰে নিলম্বন কৰা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্য।

উল্লেখ্য, এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলোঁ যদিও কৰ্তৃপক্ষই গঁড়টোৰ মৃত্য পাৰস্পৰিক যুঁজৰ ফলতেই হোৱা বুলি স্বীকাৰ কৰে। কিন্তু একে কৰ্তৃপক্ষক কিয় বিষয়াগৰাকীক নিলম্বন কৰা হ'ল বুলি প্ৰশ্ন কৰাত ইয়াৰ কোনোধৰণৰ সহাৰি নিদিলে। ইফালে এতিয়াও সন্ধানহীন হৈ থকা গঁড়টোৰ খৰ্গক লৈও কোনো তথ্য নাই বন বিভাগৰ হাতত।

বন বিভাগৰ এনে দুমুখীয়া স্থিতিত স্বাভাৱিকতে অসন্তুষ্ট হৈ পৰিছে কাজিৰঙাৰ স্থানীয় দল, সংগঠনৰ নেতৃত্ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বোকাখাতৰ যুৱ নেতা প্ৰণৱ দলেয়ে বন বিষয়া ইকবাল হুছেইনক নিলম্বন কৰা বিষয়ত বিষোদগাৰ প্ৰকাশ কৰি গঁড়টোৰ মৃত্যু পাৰস্পৰিক যুঁজৰ পৰিৱৰ্তে হত্যা কৰা হৈছিল বুলিয়েই দাবী কৰিছে। তেওঁৰ মতে বন বিভাগে কেৱল এগৰাকী বিষয়াক নিলম্বন কৰিয়েই বিষয়টোৰ পৰা দায় সাৰিব বিচাৰিছে। সেয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তও দাবী কৰিছে কাজিৰঙাৰ একাধিক সংগঠনৰ প্ৰতিনিধিয়ে।

কাজিৰঙাৰ গঁড়ৰ মৃত্যু, বিষয়াক নিলম্বনঃ বন বিভাগৰ দুমুখীয়া স্থিতিত অসন্তুষ্ট দল,সংগঠন
মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ তিৱা সাংস্কৃতিক মহোৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in