ভুৱা সামৰিক বাহিনীৰ নামত খাদ্য তৈয়াৰ কৰি প্ৰৱঞ্চনাৰ বলি এগৰাকী হোটেল ব্যৱসায়ী...

ভুৱা সামৰিক বাহিনীৰ নামত খাদ্য তৈয়াৰ কৰি প্ৰৱঞ্চনাৰ বলি এগৰাকী হোটেল ব্যৱসায়ী...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চৌদিশে ভৰি পৰিছে প্ৰৱঞ্চকে । ৰাজ্যত শেহতীয়াকৈ সামৰিক বাহিনীৰ নাম লৈ কৰা এক প্ৰৱঞ্চনা বলি হৈছে জামুগুৰিহাটৰ এগৰাকী হোটেল ব্যৱসায়ী । ব্যৱসায়ীজন হৈছে তুলন দাস । জামুগুৰিহাটৰ টুপীয়াৰ কাজিৰঙাত অৱস্থিত এই হোটেলখন ৷

এই হোটেলখনলৈকে বৃহস্পতিবাৰে সন্ধিয়া ৭৭৮২৮-৩৬৭১৫ ম'বাইল নম্বৰৰপৰা আৰ্মীৰ মানুহ (সামৰিক বাহিনী) বুলি নিজকে পৰিচয় দি ৫০ জন লোকৰ বাবে ভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰি থ'বলৈ অৰ্দাৰ আহিছিল ৷ লগে লগে হোটেলৰ গৰাকীয়েও আৰ্মীৰ দলটোৰ বাবে খাদ্য সামগ্ৰী তৈয়াৰ কৰাত ব্যস্ত হৈ প্ৰস্তুত কৰে খাদ্য ।

খাদ্য তৈয়াৰ কৰি উক্ত ম'বাইল নম্বৰত ফোন কৰি সকলো কৈছিল যদিও প্ৰৱঞ্চক লোকজনে এটিএমৰ পৰা টকা উঠাব নোৱাৰা বুলি অজুহাত দেখুৱায়। তাৰোপৰি এটা স্কেনাৰ পঠিয়াই সেই স্কেনাৰত খাদ্য সামগ্ৰীখিনিৰ বাবদ খৰছ হোৱা ধন হোটেলৰ মালিকক আৰ্মিৰ একাউন্ট বুলি কৈ সেই একাউন্টৰ স্কেনাৰ দি তৈয়াৰ কৰা সেই খাদ্য-সামগ্ৰীসমূহৰ বাবদ খৰছ হোৱা টকাসমূহ পঠাই দিবলৈ কয় । ইয়াৰ পৰিৱৰ্তে দুগুন টকা হোটেলৰ গৰাকীয়ে লাভ কৰিব বুলি ক’বলৈ আৰম্ভ কৰে আৰ্মী বুলি পৰিচয় দিয়া লোকজনে ৷

লগতে অমন কুমাৰ নামধাৰী এখন আধাৰ কাৰ্ডো ৱাটছএপ যোগে প্ৰেৰণ কৰে দুষ্ট চক্ৰটোৱে ৷ পৰৱৰ্তী সময়ত আৰ্মী নামধাৰী দুষ্ট চক্ৰটোৱে পঠোৱা স্কেনাৰ পৰীক্ষা কৰাত কাজল নামৰ এটি নামত থকা বেংক একাউন্ট বুলিহে ধৰা পৰে ৷ ইতিমধ্যে হোটেলখনৰ গৰাকী দুষ্ট চক্ৰৰ জালত পৰা বুলি নিশ্চিন্ত হোৱাত অৱশেষত সাংবাদিকৰ কাষ চাপি এইদৰেই অন্য লোক সকলকো সাৱধান হোৱাৰ বাবে আহ্বান জনায় ৷ ইতিমধ্যে ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱা হোটেলৰ গৰাকীয়ে এই ঠগ প্ৰবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপাৰো যো-জা কৰাৰ বিষয়ে অৱগত কৰে সাংবাদিকক৷

ভুৱা সামৰিক বাহিনীৰ নামত খাদ্য তৈয়াৰ কৰি প্ৰৱঞ্চনাৰ বলি এগৰাকী হোটেল ব্যৱসায়ী...
জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in