প্ৰকৃতি সুৰক্ষাত ব্ৰতী এগৰাকী কণমানি...

প্ৰকৃতি সুৰক্ষাত ব্ৰতী এগৰাকী কণমানি...

ডিজিটেল সংবাদ, গোলাঘাটঃ মাত্ৰ ৩বছৰ বয়সৰ পৰাই প্ৰকৃতিক ভাল‌ পাবলৈ শিকি গছপুলি ৰোপণেৰে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত মনোনিৱেশ কৰিছে এগৰাকী কণমানিয়ে। কণমানিগৰাকী গোলাঘাটৰ তমন্না শাণ্ডিল্য (খুছী)। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বেনাৰত গছপুলি ৰোপণ কৰি মানুহৰ মৰম-আশীৰ্বাদ বুটলি আহিছে তমন্নাই।

শুকুৰবাৰেও তমন্নাই চি আৰ পি এফে চলোৱা ভাৰতীয় বৃক্ষৰোপণ অভিযান কাৰ্যসূচীত গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে, বিশিষ্ট সমাজসেৱক গোলাঘাট জিলাৰ মৰঙিৰ অজিত গায়নে তমন্নালৈ ৫০০ (পাঁচশ) বিভিন্ন প্ৰজাতি গছপুলি উপহাৰ দিছিল । সেই পুলিসমূহ চি আৰ পি এফৰ পুলিবৰ স্থিত ১৪২ নং চি আৰ পি এফৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত ৰোপণ কৰে ।

এই গছপুলি ৰোপণ কাৰ্যসূচীত কণমানিগৰাকীৰ সৈতে ১৪২ চি আৰ পি এফৰ ডেপুটি কামাডেণ্ট ৰবি শংকৰ আৰু অমিত কুমাৰ গুপ্তাৰ লগতে চি আৰ পি এফৰ জোৱানসকলেও গছপুলি ৰোপণ কৰে ।

প্ৰকৃতি সুৰক্ষাত ব্ৰতী এগৰাকী কণমানি...
বোকাজান আৰক্ষীৰ অভিযানত জব্দ প্রায় ৪ কোটি টকাৰ ড্রাগছ; আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in