বোকাজান আৰক্ষীৰ অভিযানত জব্দ প্রায় ৪ কোটি টকাৰ ড্রাগছ; আটক...

বোকাজান আৰক্ষীৰ অভিযানত জব্দ প্রায় ৪ কোটি টকাৰ ড্রাগছ; আটক...

ডিজিটেল সংবাদ, বোকাজানঃ ড্ৰাগছৰ বিৰুদ্ধে বোকাজান মহকুমা আৰক্ষীৰ শুকুৰবাৰে দুটাকৈ সফল অভিযান। এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত এই অভিযান চলিছিল। উক্ত অভিযানত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত দহ মাইলত এটা সৰবৰাহকাৰীৰ পৰা ৪৬ টা চাবোনৰ বাকচত প্ৰায় ৫৪৩গ্ৰাম হেৰ'ইন জব্দ কৰে।

লগতে সৰুপথাৰৰ ধৃত সৰবৰাহকাৰী সঞ্জু আলিক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে । জানিব পৰা অনুসৰি জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৪কোটি টকা।

আনহাতে, খটখতি আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ বাচবাড়িত এটা ঘৰত তালাচী চলাই ৫৮.৮১গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে জোস্না খাতুন আৰু হোজাই জিলাৰ দিলৱাৰ হুছেইন নামৰ দুজনক আটক কৰিছে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০লাখতকৈ অধিক হ'ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

বোকাজান আৰক্ষীৰ অভিযানত জব্দ প্রায় ৪ কোটি টকাৰ ড্রাগছ; আটক...
গুৱাহাটীৰ পিছত এইবাৰ নগাঁৱত ফুটিল পানীৰ পাইপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in