বাক্সাৰ খাৰুৱাগাঁৱত ভোগালী বিহু উদযাপন

বাক্সাৰ খাৰুৱাগাঁৱত ভোগালী বিহু উদযাপন

ডিজিটেল সংবাদ,বাক্সা : মকৰসংক্ৰান্তি তথা দোমাহী উপলক্ষে বাক্সাত অসমীয়াৰ পৰম্পৰা মেজিৰ জ্বলোৱা উৎসৱ সকলোৱে পালন কৰে ৷ ইতিমধ্যে উৰুকাৰ নিশা সকলোৱে এখাজ লগে ভাগে খোৱাৰ পিছত দোমাহীৰ দিনা পুৱা ৰাইজে লগ হৈ মেজিত অগ্নি সংযোগ কৰে।

সেই পৰম্পৰা আগত ৰাখি বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত পশ্চিম খাৰুৱা গাঁৱৰ ৰাইজে অগ্নি দেৱতাক চাকি - ধুপ দি পুৱাৰে পৰা মেজি জ্বলোৱাত ব্যস্ত সকলো । তাৰোপৰি বাক্সা জিলাৰ মছলপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোতে পুৱাৰে পৰা ৰাজহুৱাভাৱে প্ৰজ্বলিত হৈছে অগ্নি।

সকলোৱে মিলি জুলি ভোগালীৰ আনন্দত ভাগ লয়। ভোগালী বিহুৰ লগত সংগতি ৰাখি ভেলাপুজি জ্বলোৱা যি পৰম্পৰা সেয়া ৰক্ষা কৰা দেখা গ'ল বাক্সাত ৷

বাক্সাৰ খাৰুৱাগাঁৱত ভোগালী বিহু উদযাপন
পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰীক আটক ইডিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in