দুকুৰি কবি-শিল্পীৰ কবিতা-গীতেৰে জীপাল কাজিৰঙাৰ কেন্দ্ৰীয় বিহুতলী...

এজাক কবি-শিল্পীৰ কথা-কবিতা, গীতৰ মধুৰ গুঞ্জনৰে বৃহস্পতিবাৰে জীপাল হ’ল কাজিৰঙাৰ কেন্দ্ৰীয় বিহুতলী ৷ ৪০ সংখ্যক কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ বাকৰিত ব’হাগৰ বিয়লিৰ এই কবিতাৰ অনুষ্ঠানে এক অনন্য মাত্ৰা প্ৰদান কৰে

author-image
Asomiya Pratidin
New Update
দুকুৰি কবি-শিল্পীৰ কবিতা-গীতেৰে জীপাল কাজিৰঙাৰ কেন্দ্ৰীয় বিহুতলী...

সম্বৰ্ধনা

ডিজিটেল সংবাদ, কাজিৰঙাঃ এজাক কবি-শিল্পীৰ কথা-কবিতা, গীতৰ মধুৰ গুঞ্জনৰে বৃহস্পতিবাৰে জীপাল হ’ল কাজিৰঙাৰ কেন্দ্ৰীয় বিহুতলী ৷ ৪০ সংখ্যক কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ বাকৰিত ব’হাগৰ বিয়লিৰ এই কবিতাৰ অনুষ্ঠানে এক অনন্য মাত্ৰা প্ৰদান কৰে ৷

Advertisment

আনহাতে, নিমন্ত্ৰিত স্থানীয় কবি, শিল্পী, লেখকৰ উপস্থিতিৰে জীপাল অনুষ্ঠানটিত কাজিৰঙা শাখা কবি সন্মিলনৰ ব’হাগী বৰণ অনুষ্ঠানো সম্পন্ন হয় । উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৪০ সংখ্যক কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ আজি অন্তিম দিনা বিয়লি অনুষ্ঠিত হয় এই কবি সন্মিলনখনি ।

কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলনৰ সভাপতি বিপ্লৱ ৰাজখোৱা আৰু প্ৰধান সম্পাদক ৰুবুল গগৈৰ লগতে অন্য এগৰাকী বিষয়ববীয়া আনন্দ গগৈয়ে জানিবলৈ দিয়া অনুসৰি, কাজিৰঙা শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই কবি সন্মিলনত প্ৰায় দুকুৰি কবি, শিল্পী, লেখকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

সাহিত্যিক তথা বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড° ৰুবী বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই কবি সন্মিলনৰ প্ৰাক মুহূৰ্তত সম্পন্ন হয় ব’হাগী বৰণ অনুষ্ঠান ।

সম্বৰ্ধনা
সম্বৰ্ধনা

শাখা কবি সন্মিলনৰ সভাপতি দিব্যজ্যোতি শইকীয়াৰ তত্বাৱধানত সম্পাদক তথা চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ সহকাৰী অধ্যাপক ৰেৱত মহন্ত আৰু কবি, লেখিকা গীতিৰেখা দত্তই আঁত ধৰা ব’হাগী বৰণ অনুষ্ঠানত কাজিৰঙাৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠাৰ স’তে জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা জনোৱা বিশিষ্ট ব্যক্তিকেইগৰাকী হৈছে চিত্ৰশিল্পী, লেখক তথা অৱসৰপ্ৰাপ্ত বনবিষয়া চিন্ময় ধৰ, অনাতাঁৰ শিল্পী নুনু সিং কৰ্মকাৰ, সমাজ জীৱনত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা অবসৰপ্ৰাপ্ত শিক্ষক টংক গগৈ, হৰকান্ত গগৈ, অমূল্য শইকীয়া, কোষেশ্বৰ হাজৰিকা, দয়াৰাম মাজি, কাজিৰঙাৰ পৰা প্ৰকাশিত বিভিন্ন কিতাপ, গীতৰ শ্ৰব্য কেছেট, “এজাক বৰষুণৰ অপেক্ষাত অৰণ্য” কথাছবিৰ প্ৰযোজক তথা সমাজকৰ্মী হৰিপ্ৰসন্ন গগৈ, সমাজ জীৱনৰ হকে বৰঙণি আগবঢ়াই অহা ৰঞ্জনা সাহা, ধীৰেণ ফুকন, দুলাল পূজাৰীকে মুঠ ১১ গৰাকীক সম্বৰ্ধনা জনোৱা হয় ।

ইয়াৰ পিছতে সদৌ অসম কবি সন্মিলনৰ মুখ্য সম্পাদক চৈয়দ পাৰভিজ হুছেইন আৰু গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰি উপস্থিত থকা কবি সন্মিলন আৰম্ভ হয় নীৰজ শইকীয়াৰ বাঁহী বাদনেৰে ৷

অনুষ্ঠানত বিশিষ্ট কবি, সাহিত্যিক তৰুণ ৰাজখোৱা, পদ্ম গগৈ, বুবল শৰ্মা, প্ৰাঞ্জল ডেকা, মৃদুস্মিতা শইকীয়া, দীপিকা গগৈ, দীপিকা শইকীয়া, ৰীমা তামুলী, জীনা গগৈ, সমীৰ তামুলী, ঋতুপৰ্ণ তামুলী আদি ন-পুৰণি কবি-লেখকে কথা, কবিতা পাঠ কৰাৰ সমান্তৰালভাৱে শিশু শিল্পী ঝুমইৰজ্যোতি মাজিৰ জ্যোতি সংগীত পৰিবেশন আৰু কণমানি লাতাশা গগৈৰ কবিতা আবৃতিয়ে উপস্থিতসকলক আপ্লুত কৰি তোলে ৷

ইপিনে, অনুষ্ঠানত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহা, ভাস্কৰ্য শিল্পী পাপু ঘোষ, কবি-সাংবাদিক বিতোপন মাজি, কবি সঞ্জীৱ ৰাজগুৰু, বনচাই শিল্পী ঋষিৰাজ বড়া, সাংবাদিক মনোজ প্ৰতীম শইকীয়া, আছুৰ কাজিৰঙা আঞ্চলিকৰ উপদেষ্টা বিতোপন গগৈৰ লগতে বিভিন্ন গৰাকী উপস্থিত থাকে ৷

Also Read: ৰহাত হেৰ'ইনসহ আটক দুজন...

কাজিৰঙা কাজিৰঙা কেন্দ্ৰীয় বিহু সন্মিলন