/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bb2f0880-1e6a-4884-b650-f0f6d1d1a0c6/doiang 19.jpg)
সন্ধানহীন তিনি কিশোৰ দৈয়াঙৰ বুকুত সলিল সমাধিৰ আশংকা...
ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাৰ গাড়ীগাঁওত দৈয়াং নদীত গা ধুবলৈ গৈ তিনিজন বন্ধু বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অনুসৰি জামুগুৰি চাহবাগিচাৰ নিবাসী তথা বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৈলাশ কুমাৰ ভক্ত, কুমুদ জাল, মনোজ দীপ নামৰ কিশোৰ তিনিজনে দিনৰ ভাগত আনদিনাৰ দৰেই চাইকেলেৰে ঘৰৰ পৰা ওলাই আহাৰ পাছৰে নিশা লৈকে ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক।
নিশা তিনি বন্ধুক বিভিন্ন স্থানত পৰিয়ালৰ লোকে বিচাৰি যায় যদিও কোনোধৰণৰ খবৰ লাভ নকৰিলে । আজি পুৱাৰ ভাগত গোলাঘাটৰ গাড়ীগাৱৰ দৈয়াং নদীৰ পাৰত এখন চাইকেলৰ লগতে, তিনি বন্ধুৰ কাপোৰ, চেন্দেল আৰু কিছু খাদ্য সামগ্ৰী উদ্ধাৰ হোৱাৰ পাছত পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত খবৰ দিয়ে ।
উক্ত খবৰ লাভ কৰি জামুগুৰি আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ SDRFক খবৰ দিয়াত বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনীৰ দলে নদীৰ বুকুত তিনিও কিশোৰৰ সন্ধান অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই। ইফালে পৰিয়ালৰ পৰা জানিব পৰা মতে কিশোৰ তিনিজনে নদীত গা ধুবলৈ যোৱা বিষয়ে পৰিয়ালৰ লোক অবগত নহয়। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us