/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a78c11b4-01ad-4b68-ac81-4e19f24ea45d/KOKRAJHAR 19.jpg)
কোকৰাঝাৰত পুখুৰীত গা ধুবলৈ গৈ এজনৰ সলিল সমাধি...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালাগাওঁ টুলুপাৰাৰ মংগল ৰায় (৫৪)ৰ আজি ঘৰৰ কাষতে থকা পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে। ঘৰৰ কাষতে ভতিজাৰ সৈতে পুখুৰীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটি লোৱা মংগল ৰায়ৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰাপ্ত বাতৰি মতে আজি দুপৰীয়া প্ৰায় একমান বজাত ৰন্ধন গেছৰ চিলিণ্ডাৰ অনাৰ পিছত প্ৰচণ্ড গৰমৰ বাবে মংগল ৰায়ে ঘৰৰ কাষতে থকা পথাৰৰ পুখুৰী এটাত ভতিজাকক লৈ গা ধুবলৈ যায়। ভতিজা ৰতিন ৰায়ে(১৬)পুখুৰীৰ পাৰতে থিয় হৈ থাকে আৰু মংগল ৰায়ে গা ধুবলৈ বুলি পুখুৰীত জাপ মাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/d80b7e07-b281-4a18-a3a9-6ac131ae0c3b/fbd6cd2b-be1c-4e76-a810-c9ed67bdc26b.jpg)
পানীত জাপ মৰাৰ কিছু সময় পিছতো পানীৰ তলৰ পৰা মংগল ৰায় ওলাই নহাত ভতিজাক ৰতিন ৰায়ে দৌৰি গৈ মংগল ৰায়ৰ পত্নী গীতা ৰায়ক ঘটনা সন্দৰ্ভত অৱগত কৰে। পাছত মুহূৰ্ততে হুলস্থুল লাগে আৰু পথাৰত কাম কৰি থকা লোকসকলৰ লগতে গাঁৱৰ একাংশই ঘটনাস্থলীলৈ দৌৰি আহে।
পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয় আৰু এছ ডি আৰ এফে অভিযান চলাই পানীৰ তলৰ পৰা মংগল ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰে। উক্ত ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। পেছাত শ্ৰমিক নিঃসন্তান মংগল ৰায়ে মৃত্যুৰ পূৰ্বে ইহজগতত একমাত্ৰ পত্নী গীতা ৰায়ক এৰি থৈ গৈছে।
Also Read: মোমায়েকৰ ঘৰত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰীৰ সলিল সমাধি...