/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল ডেস্ক: খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত কচুপথাৰত এগৰাকী মহিলাই ঘৰৰ বাৰীত থকা এটা পুখুৰীত জাপ দি মৃত্যুক সাবটি লোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে চাহ বাগিচাত কৰ্মৰত জনৈক নাগবংশী (৩৫) নামৰ মহিলা গৰাকীয়ে বৃহস্পতিবাৰে আৱেলি কাম কৰি ঘৰলৈ আহি চুলাই মদ সেৱন কৰি নিশা হিতাহিত জ্ঞান হেৰুৱাই ঘৰৰ কাষতে থকা পুখুৰীত জাপ দিয়ে।
মহিলা গৰাকীৰ কন্যা আৰু স্বামীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে সদৰী কৰে। বৃহস্পতিবাৰে নিশা মহিলা গৰাকীৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি পৰিয়ালৰ লোকে স্থানীয় গাঁওপ্ৰধানক অৱগত কৰাত শুকুৰবাৰে পুৱা গাঁওপ্ৰধান উমাকান্ত মাহাত্বই ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়ে।
সেই সূত্ৰে শুকুৰবাৰে খুমটাই আৰু কমাৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়াত দিনৰ প্ৰায় ১১.৩০ বজাত যোৰহাটৰ পৰা অহা এছ ডি আৰ এফৰ দলে পুখুৰীটোৰ পৰা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যেই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।
আৰু পঢ়ক: বান সাহাৰ্য্যৰ নামত ধন দাবী কৰিলে খবৰ দিয়ক প্ৰশাসনক, জাৰি কৰিলে বিশেষ নম্বৰ…