পিতা-পুত্ৰই মিলি ধৰ্ষণ কৰিলে নাবালিকাক, গ্ৰেপ্তাৰ...

পিতা-পুত্ৰই মিলি ধৰ্ষণ কৰিলে নাবালিকাক, গ্ৰেপ্তাৰ...

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । পিতৃ আৰু পুত্ৰৰ যৌন কামনাৰ বলি হ'ল এগৰাকী নাবালিকা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড । পিতৃ আৰু পুত্ৰৰ যৌন কামনাৰ বলি হ'ল এগৰাকী নাবালিকা ৷ ইতিমধ্যে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ধনশিৰি মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত তেলেস্ফাৰ টেটে আৰু পুত্ৰ জনক্ৰোছ লাক্ৰাক গ্ৰেপ্তাৰ কৰিছে উৰিয়ামঘাট আৰক্ষীয়ে ।

ধৃত দুয়োৰে ঘৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত ১ নং বিলগাঁৱত । উল্লেখযোগ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহত ভুক্তভোগী নাবালিকা গৰাকীক ১ নং বিলগাঁৱৰে মোমায়েকৰ ঘৰৰ পৰা ধৃত তেলেস্ফাৰ টেটেয়ে নিজৰ ঘৰলৈ ধান কাটিবলৈ বুলি নিছিল ৷ তাৰ পিছত নাবালিকা গৰাকীৰ ওপৰত নিজৰ অসৎ চৰিতাৰ্থ পূৰণ কৰিছিল পিতৃ আৰু পুত্ৰই ৷

ইফালে কিছুদিন পূৰ্বে ঘৰলৈ উভতি অহা ভুক্তভোগী নাবালিকা গৰাকীৰ মুখৰ পৰা ঘটনা সম্পৰ্কে জানিব পাৰি উৰিয়ামঘাট থানাত এজাহাৰ দিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে বৃহস্পতিবাৰে দুই পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ উক্ত জঘন্য কাণ্ডই সমগ্ৰ উৰিয়ামঘাটতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

পিতা-পুত্ৰই মিলি ধৰ্ষণ কৰিলে নাবালিকাক, গ্ৰেপ্তাৰ...
পুনৰ ২৪ শতাংশ বৃদ্ধি পালে বিদ্যুতৰ মাচুল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in