কন্যাৰ সন্মুখতে প্ৰাণ গ’ল পিতৃৰ, মৰিয়াই মৰিয়াই হত্যা কৰিলে…

কন্যাৰ সন্মুখতে প্ৰাণ গ’ল পিতৃৰ, মৰিয়াই মৰিয়াই হত্যা কৰিলে…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,গোলাঘাট: শুকুৰবাৰে নিশা গোলাঘাটৰ সেন্দুৰীটিং চাহ বাগিচাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। । অশ্লীল ভাৱে গালি গালাজ কৰি অতিষ্ঠ কৰি তোলাৰ বাবেই নিজ বৰদেউতাকক হত্যা কৰে ভতিজাকে।

Advertisment

মৃত ব্যক্তিজনৰ নাম বুবাই ভূঞা (৫২) বুলি জানিব পৰা গৈছে। মৃত বুবাই ভূঞাৰ কন্যাই জানিব দিয়া অনুসৰি ৰতিয়া ভূঞা আৰু হৰেণ ভূঞাই চকুৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰে দেউতাক বুবাই ভূঞাক।

হত্যাকাৰী ৰতিয়া ভূঞা আৰু হৰেণ ভূঞা মৃত বুবাই ভূঞাৰ এজন কনিষ্ঠ ভাতৃ আৰু এজন ভতিজা। বৰ্তমান খুমটাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: তিনি দিনৰ জেৰাৰ অন্তত মাজুলীত গ্ৰেপ্তাৰ এছ আই জোনমণি ৰাভা

assam Assam police murder case golaghat