পুখুৰীত গা ধুবলৈ গৈ দুই ভগ্নীৰ সলিল সমাধি, ভিনিয়েকৰ অৱস্থাও সংকটজনক…

পুখুৰীত গা ধুবলৈ গৈ দুই ভগ্নীৰ সলিল সমাধি, ভিনিয়েকৰ অৱস্থাও সংকটজনক…

author-image
asomiyapratidin
New Update
জে এন ইউত প্ৰচণ্ড মাৰপিটঃ ABVPৰ বহু কেইজন কৰ্মী আহত, এইমছত ভৰ্তি…

প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট : বৃহস্পতিবাৰে নিশা গোলাঘাটৰ কাবৰু গাঁৱত এটা পুখুৰীত গা ধুবলৈ গৈ দুই ভগ্নীৰ সলিল সমাধি ঘটাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৃত্যু হোৱা দুই ভগ্নীৰ নাম ক্ৰমে বুলবুলি দাস(১১) আৰু পল্লৱী দাস (১৬)।

অন্যহাতে দুই ভগ্নীক বচাবলৈ গৈ ভিনিহিয়েক ভৃগু কুমাৰ শইকীয়াও দ পানীত ডুব যায়। ফলত সংকটজনক অৱস্থাত তেওঁক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তিকৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণকৰা হৈছে।

আৰু পঢ়ক : প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰিব কংগ্ৰেছে…

assam himanta biswa sarma Assam police