প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰিব কংগ্ৰেছে…

প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰিব কংগ্ৰেছে…

ডিজিটেল ডেস্কঃ বৰ্ধিত মূল্যবৃদ্ধি, জি এছ টি আৰু তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ বিৰুদ্ধে আজি সমগ্ৰ দেশতে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত শীৰ্ষ নেতাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ কথা। কিন্তু কংগ্ৰেছৰ এই প্ৰতিবাদৰ পূৰ্বেই বৃহস্পতিবাৰে নিশাই কংগ্ৰেছৰ মুূখ্য কাৰ্যালয়ৰ বাহিৰত বৃহৎ সংখ্যক সুৰক্ষা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।

ইফালে শুকুৰবাৰে পুৱা ৰাহুল গান্ধীয়ে ২৪ আকবৰ ৰোডস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰাৰ কথা। এই সংবাদ মেলত উপস্থিত থাকিব দলটোৰ জ্যেষ্ঠ নেতাসকলো। ইফালে কংগ্ৰেছৰ এই প্ৰতিবাদৰ বাবেই দিল্লীৰ যন্তৰ মন্তৰ অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে। দিল্লী আৰক্ষীয়ে কৈছিল যে আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, চৰকাৰে আমাক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বাধা দিব বিচাৰে, সেয়েহে তেওঁলোকে কংগ্ৰেছ নেতাসকলক নিৰন্তৰ হাৰাশাস্তি কৰি আহিছে। উল্লেখ্য যে এই প্ৰতিবাদ জৰিয়তে সাংসদসকলে ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ভৱনো ঘেৰাও কৰাৰ কাৰ্সূচী আছিল কংগ্ৰেছৰ।

সূত্ৰ অনুসৰি, কংগ্ৰেছে দুটা স্তৰত প্ৰদৰ্শনৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিছে। সকলো দলৰ সাংসদে বিজয় চক হৈ ৰাষ্ট্ৰপতি ভৱনলৈ যাত্ৰা কৰিব। একে সময়তে, দলৰ নেতা আৰু কৰ্মীসকলে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰধানমন্ত্ৰী সদনলৈ যাব। ইয়াত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ গৃহ ঘেৰাও কৰিব।

ইফালে ৰাজ্য সমূহতো কংগ্ৰেছে একে সময়তে প্ৰতিবাদ সাব্যস্ত কৰিব। দলৰ ৰাজ্যিক নেতাসকলে ৰাজভৱনলৈ যাত্ৰা কৰিব আৰু তাৰ পিছত স্মাৰকপত্ৰ ৰাজ্যপালক হস্তান্তৰ কৰিব। আনহাতে বৃহস্পতিবাৰে সদনত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছে জনসাধাৰণৰ সমস্যা উত্থাপন কৰিব আৰু আমাৰ কংগ্ৰেছে কাকো ভয় নকৰে। লগতে তেওঁ প্ৰধানমন্ত্ৰী মোডীক ভয় নকৰে বুলিও মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in