অসমৰ এখন গাঁও, য'ত আজিলৈ ঘটা নাই অপৰাধজনিত ঘটনা, গৈ পোৱা নাই আৰক্ষী...

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ অপৰাধজনিত ঘটনা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে

author-image
Asomiya Pratidin
New Update
অসমৰ এখন গাঁও, য'ত আজিলৈ ঘটা নাই অপৰাধজনিত ঘটনা, গৈ পোৱা নাই আৰক্ষী...

ডিজিটেল সংবাদ, গহপুৰঃ ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ধৰ্ষণৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ অপৰাধজনিত ঘটনা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ইয়াৰ মাজতে অসমত আছে এখন গাঁও, যত আজিলৈ নাই এজনো অপৰাধী।

Advertisment

অসমত থকা এই গাঁওখন প্ৰতিষ্ঠা হোৱাৰ কেইবাবছৰ হ'ল। কিন্তু বিগত ৬৫ বছৰৰ ভিতৰত এইখন গাঁৱৰ কোনো এজন লোকেই আইনী মেৰপাচত সোমোৱা নাই। ভাৰতৰ স্বাধীনতাৰ পাছত ১৯৪৯চনত প্ৰতিষ্ঠা লাভ কৰিছিল এইখন গাঁও।

স্থানীয়লোকৰ মতে, এই গাঁওখনলৈ কোনো অপৰাধজনিত ঘটনাৰ বাবে প্ৰৱেশ কৰিব লগা হোৱা নাই আৰক্ষীৰ লোক। এক কথাত ক'বলৈ গ'লে গাঁওখনৰ পৰা অথবা গাঁওখনৰ লোকক লৈ আজি পৰ্যন্ত কোনো ধৰণৰ গোচৰেই ৰুজু হোৱা নাই আৰক্ষী থানাত ।

এনে এখন গাঁও আছে গহপুৰত। গহপুৰৰ এই গাঁও খনৰ নাম ডুবিয়া কাৰ্বি গাঁও। কাৰ্বি জনগোষ্ঠীয় লোকে বসবাস কৰা গাঁওখনৰ ৰাইজ যাতায়ত, খোৱাপানীকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ বসবাস কৰি আহিছে যদিও যিকোনো অনৈতিক অথবা হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈ আইনমুখী হ'ব লগা নজিৰ আজি পৰ্যন্ত নাই। মিটাৰ গজ ৰেলৰ লাইন ব্ৰড গজলৈ সম্প্ৰসাৰিত হোৱাৰ পাছতে গাঁওখনৰ একমাত্ৰ প্ৰধান পথটো ৰে'ল বিভাগে বন্ধ কৰি দিয়াৰ পাছতো প্ৰতিবাদমুখৰ নহ'ল অঞ্চলটোৰ ৰাইজ।

কোনো অপৰাধজনিত ঘটনা, অনৈতিক কাৰ্যকলাপ সংঘটিত নোহোৱা, প্ৰকৃতাৰ্থত এখন আদৰ্শ গাঁও বুলি ক'ব পৰা ডুবিয়া কাৰ্বিগাঁৱৰ ৰাইজৰ প্ৰতি চৰকাৰৰ সু দৃষ্টি কেতিয়াবা পৰিবনে? গাঁও খনৰ স্থানীয়লোকে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে, শীঘ্ৰেই যাতে গাঁওখনত যাতায়ত, খোৱাপানীৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাসমূহ দূৰ কৰে।

Also Read: মণিপুৰত পুনৰ ১০ জুলাইলৈ ইন্টাৰনেট সেৱা বাতিল, শান্তি ঘূৰাই অনাৰ চেষ্টা...

gohpur village