ভাৰত-ভূটান সীমান্তত আবকাৰী বিভাগৰ অভিযানঃ জব্দ ১০ লক্ষাধিক টকাৰ সুৰা, আটক

ভাৰত-ভূটান সীমান্তত আবকাৰী বিভাগৰ অভিযানঃ জব্দ ১০ লক্ষাধিক টকাৰ সুৰা, আটক

ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে ভূটানী সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ তামুলপুৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰা বিৰুদ্ধে ধাৰাবাহিকভাবে অভিযান চলাই থকাৰ মাজতো একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী সুৰা সৰবৰাহৰ ৰমৰমীয়া ব্যৱসায় ৷

ভাৰত-ভূটান সীমান্তৰ দৰঙ্গামেলাত মঙলবাৰৰ নিশা তামুলপুৰৰ আবকাৰী চক্ৰৰ সহপৰিদৰ্শক বাবুল বৈশ্য আৰু ৬৪ নং এছ এছ বিয়ে এক গোপন সূত্ৰৰ পম খেদি ৪০০ কাৰ্টুন ভূটানী সুৰা ভৰ্তি বি পি ২ এ ০০৩৪ চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, চাৰিচকীয়া বাহনখনেৰে ভূটানৰ পৰা কুমাৰীকাটালৈ আনি থকা অৱস্থাতে আবকাৰী বিভাগ আৰু এছ এছ বিৰ লোকে সুৰাসহ বাহনখন জব্দ কৰে।

আবকাৰী বিভাগে জনোৱা মতে সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১০ লক্ষাধিক টকা। উল্লেখ্য অভিযানকালত ২জন লোকক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোক দুজন ক্ৰমে গেম ফিয়াংচু ( ২৩) আৰু নুৰমু (৩৫)।

ভাৰত-ভূটান সীমান্তত আবকাৰী বিভাগৰ অভিযানঃ জব্দ ১০ লক্ষাধিক টকাৰ সুৰা, আটক
সমাগত পবিত্ৰ ভাদ মাহঃ ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰ কৰ্তৃপক্ষ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in