গাড়ীৰ ভিতৰত যুৱতীক বলাৎকাৰ কৰি অশ্লীল ভিডিঅ' প্ৰস্তুত : ৫ অভিযুক্তক গ্ৰেপ্তাৰ জেললৈ প্ৰেৰণ

গাড়ীৰ ভিতৰত অসহায় যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে আদবাটতে যুৱতীগৰাকীক নমাই থৈ যায়
৫ অভিযুক্ত
৫ অভিযুক্ত

ডিজিটেল সংবাদ, ছয়দুৱাৰ : ৰাজ্যত প্ৰায়ে সংঘটিত হৈ আহিছে ধৰ্ষণৰ লগতে কেতবোৰ অপৰাধজনিত ঘটনা। ক্ৰমাৎ যেন অপৰাধ প্ৰৱণতাই কলুষিত কৰিবলৈ ধৰিছে বৰ্তমানৰ সমাজখনক।

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনাই জোকাৰি গৈছে গহপুৰৰ উত্তৰাঞ্চলৰ বড়ো অধ্যুষিত এলেকা দৈমালু। চলন্ত গাড়ীৰ ভিতৰত এগৰাকী যুৱতীক বলাৎকাৰ কৰি সেই দৃশ্য ভিডিঅ' আকাৰে ৰেক'ৰ্ড কৰে এটি পাষাণ প্ৰকৃতিৰ দলে। দৈমালু অঞ্চলৰ ৫জনীয়া যুৱকৰ দলটোৱে এনে ঘটনা সংঘটিত কৰি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।

জানিব পৰামতে-দৈমালুৰ এগৰাকী ২০ বছৰীয়া যুৱতীক সন্ধিয়া নিজ গৃহৰ পদূলিৰ পৰা এখন গাড়ীৰে ৫ জনীয়া যুৱকৰ দলে অপহৰণ কৰি নিয়ে। ইয়াৰ পাছত চলন্ত গাড়ীৰ ভিতৰতেই ৫ জনীয়া যুৱকৰ দলটোৰ মাজৰ পৌৰাংচাৰগৌৰা বসুমতাৰী(৩০) নামৰ যুৱকজনে যুৱতীগৰাকীক বলাৎকাৰ কৰে ।

গাড়ীখনত যোৱা বাকী ৪জন যুৱক তথা পৌৰাংচাৰগৌৰাৰ ৪ বন্ধুৱে নিজৰ নিজৰ ম'বাইলত বলাৎকাৰৰ সমগ্ৰ দৃশ্য ৰেক'ৰ্ড কৰে। গাড়ীৰ ভিতৰত অসহায় যুৱতীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত যুৱকৰ দলটোৱে আদবাটতে যুৱতীগৰাকীক নমাই থৈ যায়।

অসহায় অৱস্থাত যুৱতীগৰাকী নিজৰ ঘৰত উপস্থিত হোৱাৰ পিছত পৰিয়ালৰ লোকৰ সন্মুখত ঘটনাৰ সমস্ত কথা বিৱৰি কয়। যুৱতীগৰাকীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি প্ৰথম অৱস্থাত আইনৰ কাষ চপাৰ কথা চিন্তা কৰা নাছিল যদিও পিছত ঘটনাটোৰ বিষয়ে পৰিয়ালৰ লোকে এজাহাৰ দিয়াৰ বাবে সিদ্ধান্ত উপনীত হয় ।

সেই অনুসৰি উক্ত বলাৎকাৰ কাণ্ড আৰু ভিডিঅ' ৰেক'ৰ্ডিংৰ বিষয়ে উল্লেখ কৰি যুৱতীগৰাকীয়ে হাৱাজান আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত হাৱাজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই উক্ত ঘটনাৰ মূল মাষ্টাৰমাইণ্ড ১নং নাছেৰবাৰীৰ মুনীন্দ্ৰ বসুমতাৰীৰ পুত্ৰ পৌৰাংচাৰগৌৰা বসুমতাৰী(৩০)সহ তেওঁৰ ৪গৰাকী বন্ধু ক্ৰমে ১ নং নাছেৰবাৰীৰ অংগল বসুমতাৰীৰ পুত্ৰ বিপুল বসুমতাৰী(৩৫),দৈমগুৰীৰ কুঞ্জ বসুমতাৰীৰ পুত্ৰ চংখুৰ বসুমতাৰী(২৫),মণ্ডল গয়াৰীৰ পুত্ৰ চোহেন গয়াৰী(২৬) আৰু গন্ধাবীলৰ কৰ্মেশ্বৰ মুছাহাৰীৰ পুত্ৰ বিশ্বজয় মুছাহাৰী(২১)ক গ্ৰেপ্তাৰ কৰি শনিবাৰে আটাইকেইজনকে বিশ্বনাথৰ জেললৈ প্ৰেৰণ কৰে ।

উক্ত বলাৎকাৰ কাণ্ডত ব্যৱহৃত নীলা ৰঙৰ AS 32 A 1356 নম্বৰৰ মাৰুতিৰ ব্ৰীজা গাড়ীখনো আৰক্ষীৰ অভিযানকাৰী দলটোৱে জব্দ কৰে । আনহাতে ধৃত ৫ যুৱকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০(বি),৩৬৬,৩৭৬(ডি),৫১১,৩৮৫,৩৮৪ আৰু ২৯৪ ধাৰাৰ অধীনত ৯০/২০২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

৫ অভিযুক্ত
অশান্ত মণিপুৰ : আশ্ৰয়হীন সাধাৰণ জনতা,৫৪গৰাকীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in