অশান্ত মণিপুৰ : আশ্ৰয়হীন সাধাৰণ জনতা,৫৪গৰাকীৰ মৃত্যু

ৰাজ্যখনৰ সহস্ৰাধিক জনতা শুকুৰবাৰে মণিপুৰৰ দাতিকাষৰীয়া জিলা তথা অসমৰ কাছাৰত আশ্ৰয়ৰ বাবে ঢাপলি মেলিছে

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰ : আশ্ৰয়হীন সাধাৰণ জনতা,৫৪গৰাকীৰ মৃত্যু

ডিজিটেল ডেস্কঃ হিংসা-বৰ্বৰতাৰে জৰ্জৰিত মণিপুৰ। বৰ্তমানেও অশান্ত হৈ আছে চুবুৰীয়া ৰাজ্য মণিপুৰ। চুবুৰীয়া ৰাজ্যখনৰ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিছে যে হিংসাত্মাক ঘটনাৰ ফলত বৰ্তমানলৈকে ৰাজ্যখনৰ ৫৪ গৰাকীলোকৰ মৃত্যু হৈছে।

Advertisment

মণিপুৰৰ মেইটেই তথা মিতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি (এছ টি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবেই মণিপুৰৰ পৰিবেশে হিংসাত্মক ৰূপ লৈছে । উল্লেখ্য যে উক্ত কাৰণৰ বাবেই ৩ মে'ৰ পৰা চুবুৰীয়া ৰাজ্যখনত এক হিংসাত্মক পৰিবেশে বিৰাজ কৰি আছে।

যাৰ বাবে ৰাজ্যখনৰ সাধাৰণ জনতা আশ্ৰয়হীন হৈ পৰিছে। এনেবোৰ হিংসাত্মক কাৰকৰ বাবেই ৰাজ্যখনৰ সহস্ৰাধিক জনতা শুকুৰবাৰে মণিপুৰৰ দাতিকাষৰীয়া জিলা তথা অসমৰ কাছাৰত আশ্ৰয়ৰ বাবে ঢাপলি মেলিছে। পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলা প্ৰশাসনক আশ্ৰয়হীন তথা পীড়িত জনতাক সুৰক্ষা দিবলৈ এক নিৰ্দেশনা জাৰি কৰে।

অৱশ্যে পৰিস্থিতিত মেঘালয় চৰকাৰেও এই সন্দৰ্ভত মণিপুৰৰ জনতাক সহায় কৰিবলৈ হাত আগবঢ়াইছে। ইতিমধ্যে মেঘালয় চৰকাৰৰ পৃষ্ঠপোষকতাত মণিপুৰত আৱদ্ধ হৈ থকা তথা আশ্ৰয়হীন লোকসকলক স্থানান্তৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

Also Read: অগ্নিগৰ্ভা মণিপুৰ, সহায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ টুইট মেৰী কমৰ...

manipur violence