গহপুৰৰ ৰাসৰ মঞ্চত শিক্ষয়িত্ৰী মধুস্মিতা বৰাৰ নৃত্য-অভিনয়ে মুগ্ধ কৰিছে দৰ্শকক

গহপুৰৰ ৰাসৰ মঞ্চত শিক্ষয়িত্ৰী মধুস্মিতা বৰাৰ নৃত্য-অভিনয়ে মুগ্ধ কৰিছে দৰ্শকক

ডিজিটেল সংবাদ, ছয়দুৱাৰ:-এতিয়া ৰাসৰ বতৰ।ৰাজ্যৰ চৌদিশ এতিয়া মুখৰিত কৃষ্ণ বন্দনাত।কৃষ্ণ ভক্তিত বিশ্বাসী ভক্তপ্ৰাণ ৰাইজৰ ভক্তিবিগলিত হৃদয়ৰ আৰ্তি আৰু অগণিত উৎসৱপ্ৰেমীৰ উচাহেৰে উথলি উঠিছে গাঁও-চহৰ।

ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলাৰ অপূৰ্ব বৰ্ণনাৰে সমৃদ্ধ কীৰ্ত্তনৰ সুমধুৰ ধ্বনি, ৰাসলীলাৰ অভিনয় আৰু শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰিত ৰাজ্যত ৰাসলীলা উদযাপনৰ বাবে চলিছে অত্যাধুনিক প্ৰতিযোগিতা।

ৰাজ্যখনৰ বিভিন্ন ৰাসৰ মঞ্চত আমদানিকৃত তাৰকা শিল্পীৰ ভিৰ,অত্যাধুনিক আলোকসজ্জা,আকৰ্ষণীয় মঞ্চ সজ্জা,দৃশ্য সজ্জা আদিয়ে বিশেষ ভাবে লাভ কৰিছে অগ্ৰাধিকাৰ।ৰাজ্যখনৰ আন প্ৰান্তৰ দৰে গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্ততো ধুমধামেৰে চলিছে শ্ৰীকৃষ্ণৰ ৰাস উদযাপনৰ ব্যাপক কাৰ্য্যসূচী।

মহকুমাটোৰ বৰঙাবাৰীৰ ৰাসৰ মঞ্চত যশোদাৰ ভাৱত অবতীৰ্ণ হোৱা এগৰাকী শিক্ষয়িত্ৰীৰ মণপৰশা নৃত্যই মুগ্ধ কৰিছে দৰ্শক ৰাইজক।নাম তেওঁৰ মধুস্মিতা বৰা।অঞ্চলটোত "মিলি" নামেৰেহে বেছি জনপ্ৰিয় মধুস্মিতা বৰা মহকুমাটোৰ হাৱাজান একাডেমিৰ এগৰাকী শিক্ষয়িত্ৰী।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ইন্দ্ৰজিৎ কলিতাৰ পত্নী মধুস্মিতা বৰাৰ আকৰ্ষণীয় আৰু মনপৰশা নৃত্য আৰু অভিনয়ে মন্ত্ৰমুগ্ধ কৰিছে প্ৰতিগৰাকী দৰ্শকক।উল্লেখযোগ্য যে-ৰাস লীলাৰ বিশেষ বিশেষ চৰিত্ৰত অভিনয়ৰ বাবে ধনৰ টোপোলা দি তাৰকা শিল্পীক আমন্ত্ৰণ কৰি অনাৰ এক পৰম্পৰা অসমৰ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠিছে।

তাৰকা শিল্পীৰ লগত ফেৰ মাৰিব পৰা অভিজ্ঞ শিল্পী গাঁও-চুবুৰীত থকাৰ পিছতো কেৱল গ্লেমাৰৰ পিছত দৌৰাৰ এক অঘোষিত প্ৰতিযোগিতা গঢ় লৈ উঠিছে আমাৰ সমাজত।কিন্তু গ্লেমাৰৰ পিছত দৌৰ নামাৰি স্থানীয় শিল্পী আৰু যুৱক-যুৱতী সকলক বিশেষ ভাবে অগ্ৰাধিকাৰ দি ৰাস উদযাপনৰ এক সুকীয়া পৰিৱেশ গঢ়ি তোলা উদযাপন সমিতি সমূহ আজিৰ সমাজৰ বাবে এক আদৰ্শ বুলি সচেতন ৰাইজৰ মাজত বিবেচিত হৈছে।য'ত মধুস্মিতা বৰাৰ দৰে এগৰাকী শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰতিভা ফুটাই তুলি নিজকে চিনাকি দিবলৈ সক্ষম হৈছে এগৰাকী শিল্পী হিচাপে।

গহপুৰৰ ৰাসৰ মঞ্চত শিক্ষয়িত্ৰী মধুস্মিতা বৰাৰ নৃত্য-অভিনয়ে মুগ্ধ কৰিছে দৰ্শকক
ভাল খবৰঃ ১৭ দিন পাছত সুৰংগৰ পৰা সুকলমে উদ্ধাৰ হ'ল ৪১ জন শ্ৰমিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in