গহপুৰৰ অঞ্জু বৰা ভূঞাৰ কবিতা পুথি "শাশ্বত" উন্মোচন...

অঞ্জু বৰা ভূঞাই তেওঁৰ কবিতা সমূহক কিতাপ আকাৰে প্ৰকাশ কৰি অসমৰ কাব্য-সাহিত্যৰ ক্ষেত্ৰলৈ আগবঢ়াইছে বৰঙণি।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ অঞ্জু বৰা ভূঞাৰ কবিতা পুথি "শাশ্বত" উন্মোচন...

ডিজিটেল সংবাদ, ছয়দুৱাৰ : শিক্ষকতা জীৱনৰ অৱসৰৰ পিছত বগা কাগজৰ পৃষ্ঠাত শব্দৰ মালা গাঁঠি কাব্য চৰ্চা অব্যাহত ৰখা গহপুৰ মহকুমাৰ হেলেম মৌজাৰ অন্তৰ্গত চন্দামাৰী বঙালী নিবাসী তথা এক নং চন্দামাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অঞ্জু বৰা ভূঞাই তেওঁৰ কবিতা সমূহক কিতাপ আকাৰে প্ৰকাশ কৰি অসমৰ কাব্য-সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াইছে বৰঙণি।শিক্ষকতা জীৱনৰ অৱসৰৰ পিছত অঞ্জু বৰা ভূঞাই আন্তৰিকতাৰে অব্যাহত ৰখা কাব্য চৰ্চাৰ মাজত এটি-দুটিকৈ তেওঁ লিখি উলিওৱা মুঠ ৩৩ টা হৃদয়স্পৰ্শী কবিতাক কিতাপ আকাৰে প্ৰকাশ কৰাৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাই দেওবাৰে পাই সাকাৰ ৰূপ।

Advertisment

সেই উপলক্ষে অঞ্জু বৰা ভূঞাৰ প্ৰথমখন কবিতা পুথি "শাশ্বত" আনুষ্ঠানিকভাৱে উন্মোচন কৰি বৃহত্তৰ অঞ্চলটোৰ কাব্য প্ৰেমী ৰাইজৰ হাতত তুলি দিয়া হয়। "শাশ্বত" উন্মোচন উপলক্ষে দেওবাৰে দিনৰ ১১ বজাৰ পৰা স্থানীয় কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উন্মোচনী সভাখনত সভাপতিত্ব কৰে কাৰিবিল মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাসুদেৱ নেপালে। কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভদ্ৰেশ্বৰ মিলিয়ে বন্তি প্ৰজ্বলন কৰা উন্মোচনী সভাখন ৰ'জী ছেত্ৰীৰ দ্বাৰা পৰিৱেশিত এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়।

মুঠ ৩৩ টা কবিতা সন্নিবিষ্ট থকা কবিতা পুথি "শাশ্বত" উন্মোচন কৰি দিয়া ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী কৃপালী গোস্বামীয়ে কবি অঞ্জু বৰা ভূঞাৰ এই প্ৰচেষ্টাক শলাগ লৈ কয় যে, অৱসৰী জীৱনটোক কবিতাৰ মাজত আৱদ্ধ কৰি ৰাখি তেওঁ জীৱনটোক ধন্য কৰি তুলিছে। ব্যক্তিগত প্ৰচেষ্টাৰে ইমান এখন আকৰ্ষণীয় কবিতা পুথি প্ৰকাশ কৰি অঞ্জু বৰা ভূঞাই যি কাৰ্য সম্পাদন কৰিছে সেয়া সমাজৰ বাবে অতি প্ৰশংসনীয় কাম বুলি অভিহিত কৰিছে উন্মোচক কৃপালী গোস্বামীয়ে। অঞ্জু বৰা ভূঞাৰ জ্যেষ্ঠ পুত্ৰ তথা কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ব্ৰজেন ভূঞাই আঁত ধৰা সভাখনত সদৌ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ পত্ৰিকা সম্পাদক তৰুণ বৰুৱা, বিশ্বনাথ জিলা কবি সন্মিলনৰ সভাপতি বিপিন বৰা, বিশিষ্ট কবি দেৱ মহন্ত, কাৰিবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ঋষি ৰাম ৰিজাল, বৰ্তমানৰ প্ৰধান শিক্ষক ইন্দ্ৰ ছেত্ৰী, জ্যেষ্ঠ সাংবাদিক নগেন শইকীয়া, সমাজকৰ্মী খগেন খাউণ্ড, গোলাপ বৰা, উমা কান্ত শৰ্মা, শিক্ষক বিনোদ দবাৰীকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উন্মোচনী সভাখনৰ শেষত কবি অঞ্জু বৰা ভূঞাৰ স্বামী তথা কাৰিবিল মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেশ্বৰ ভূঞা, কনিষ্ঠ পুত্ৰ বাবলু ভূঞা, দুগৰাকী বোৱাৰী ক্ৰমে নিকুমণি ভূঞা আৰু পূৰ্ণিমা ভূঞাই শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ছাত্ৰী ৰীয়া মণ্ডলৰ ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি বিদ্যা মন্দিৰৰ শিক্ষয়িত্ৰী নিলীমা আচাৰ্য্যৰ দ্বাৰা পৰিৱেশিত এটি কবিতাই উপস্থিত সকলোকে আপ্লুত কৰে। উল্লেখযোগ্য যে, কবি অঞ্জু বৰা ভূঞাৰ একমাত্ৰ জীয়ৰী মধুস্মিতা ভূঞাৰ বিবাহৰ পিছত প্ৰসৱজনিত কাৰণত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ অকালতে জীৱন বন্তি নিৰ্বাপিত হৈছিল।

মধুস্মিতাৰ মৃত্যুৰ পিছত তেওঁ শোকৰ সাগৰত এৰি থৈ যোৱা এমা-ডিমা কন্যা সন্তানটি আইতাক অঞ্জু বৰা ভূঞাৰ বুকুৰ উমত ডাঙৰ দীঘল হৈ পোহৰৰ বাট বুলিছিল।অঞ্জু বৰা ভূঞাই প্ৰকাশিত কবিতা পুথিখনত প্ৰয়াত জীয়ৰী মধুস্মিতা ভূঞাৰ সোঁৱৰণত লিখা প্ৰথমটো কবিতা "শাশ্বত" আৰু মাতৃহাৰা নাতীনিজনীক লৈ লিখা "অবুজ বেদনা : এটি দেৱশিশু" শিৰোনামাৰ কবিতা দুটিয়ে চকু সেমেকাই তুলিছে প্ৰতিগৰাকী পাঠকৰ।

Also Read: লক্ষীমপুৰত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ একাদশ অধিৱেশন...

gohpur