গহপুৰৰ জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰীত নৱ সংযোজন "লক্ষ্য-৫০"

গহপুৰৰ জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰীত নৱ সংযোজন "লক্ষ্য-৫০"

author-image
Asomiya Pratidin
New Update
গহপুৰৰ জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰীত নৱ সংযোজন "লক্ষ্য-৫০"

ডিজিটেল সংবাদ, গহপুৰঃ আধুনিক আৰু প্ৰযুক্তিগত শিক্ষা ব্যৱস্থাৰ লগত ফেৰ মাৰিব পৰাকৈ গঢ়ি উঠা গহপুৰ নগৰৰ অন্যতম আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলত মঙলবাৰৰ পৰা "লক্ষ্য-৫০" নামেৰে সংযোজিত হৈছে এক নতুন আৰু ব্যতিক্ৰমী শৈক্ষিক ব্যৱস্থাৰ।

Advertisment

নীট, এনডিএ, জেইই, চি ই ইউ টি আদিৰ দৰে যিকোনো প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ এক উপযুক্ত কেৰিয়াৰ গঢ়াৰ এখন প্ৰতিযোগিতামূলক শৈক্ষিক মঞ্চ গঢ়ি তোলাৰ মানসেৰে জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰী স্কুলত এই "লক্ষ্য-৫০" নামৰ ব্যতিক্ৰমী বিদ্যায়তনিক মঞ্চখন গঢ়ি তোলা হৈছে।

সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দি বিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক ডঃ যুগল বৰা আৰু পৰিচালন সঞ্চালিকা জিলমিল বৰা তামুলীয়ে কয় যে এই "লক্ষ্য-৫০" নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোৰ বাবে ৰাজস্থান কোটাৰ অভিজ্ঞতা সম্পন্ন কেইবাগৰাকী শিক্ষক চুক্তিবদ্ধ হৈ নিয়মীয়া পাঠদানৰ বাবে আগবাঢ়ি আহিছে।

উত্তৰ অসমৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সফলতাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এই আৱাসিক প্ৰতিষ্ঠানখনত পাঠদান কৰিবলৈ পদাৰ্থ বিজ্ঞানৰ বাবে আই আই টি খড়গপুৰৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত উত্তীৰ্ণ তথা কোটাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা সম্পন্ন শিক্ষক ৰবীন্দ্ৰ সিং চুক্তিবদ্ধ হৈছে। তদুপৰি ৰসায়ন বিজ্ঞান বিষয়ৰ বাবে আই আই টি ভুৱনেশ্বৰৰ পৰা উৰ্ত্তীণ তথা কোটাৰ বঞ্চল ক্লাছৰ সাত বছৰ অভিজ্ঞতা সম্পন্ন শিক্ষক টিলোক ঠাকুৰ আৰু এন আই টি শ্ৰীনগৰ কাশ্মীৰৰ পৰা উত্তীৰ্ণ পেবিকা বণিয়া পাঠদানৰ বাবে চুক্তিবদ্ধ হৈছে। জীৱবিজ্ঞান বিষয়ৰ বাবে ড° দীপশিখা বৰুৱা আৰু জৈৱ প্ৰযুক্তি বিদ্যা বিষয়ৰ বাবে হিৰকজ্যোতি ভূঞাক পাঠদানৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে৷

ইয়াৰ উপৰিও অভিজ্ঞতা সম্পন্ন আমন্ত্ৰিত অতিথি অধ্যাপক সকলে "লক্ষ্য-৫০" ত পাঠদান কৰিব। ৫০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ সুবিধা থকা "লক্ষ্য-৫০" ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে "Learn and Lead"। অৰ্থাৎ শিকা আৰু নিজকে আগুৱাই নিয়া।নিজৰ স্থানতে সকলো সুবিধাৰে অতি কম খৰচত কোটাৰ শিক্ষকৰ দ্বাৰা শিক্ষা লাভেৰে ছাত্ৰ-ছাত্ৰীৰ সফলতা প্ৰাপ্তিৰ বাবে ইচ্ছুক শিক্ষাৰ্থীয়ে অংশ লব পাৰিব কেৰচ্ ক্লাছত।

গহপুৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ তত্বাৱধানত গঢ় লৈ উঠা এই "লক্ষ্য-৫০"এ এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰিছে গহপুৰৰ শৈক্ষিক সমাজে। জ্ঞান ভাৰতী ছিনিয়ৰ চেকেণ্ডৰীত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীৰ পৰাই নীট, জেইই, এনডিএ, চিইউইটি আদিৰ দৰে প্ৰৱেশিকা পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিব পাৰিব বুলি জানিবলৈ দিছে জিলমিল বৰা তামুলীয়ে। এই "লক্ষ্য-৫০" হ'ব এখন আৱাসিক শৈক্ষিক প্ৰতিষ্ঠান।

Also Read: CRPFৰ প্ৰশংসনীয় পদক্ষেপঃ যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ'ৰা নিৰ্মাণ

gyan bharati english academy gohpur