CRPFৰ প্ৰশংসনীয় পদক্ষেপঃ যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ'ৰা নিৰ্মাণ

CRPFৰ প্ৰশংসনীয় পদক্ষেপঃ যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ'ৰা নিৰ্মাণ

author-image
Asomiya Pratidin
New Update
CRPFৰ প্ৰশংসনীয় পদক্ষেপঃ যাত্ৰীৰ সুবিধাৰ্থে জিৰণী চ'ৰা নিৰ্মাণ

ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাষ্ট্ৰৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে নিয়োজিত হৈ অহা চি আৰ পি এফৰ প্ৰশংসনীয় পদক্ষেপ। মেৰাপানী সীমান্তত ১৪২ নং চি আৰ পি এফৰ জনকল্যাণমূলক কামৰে জনহিতাৰ্থে কাম কৰি অহাৰ নিদৰ্শন দাঙি ধৰিলে চি আৰ পি এফে।

Advertisment

উল্লেখ্য যে, চি আৰ পি এফৰ চিভিক এক্সন প্ৰগেমৰ জড়িয়তে মেৰাপানী সীমান্ত অঞ্চলটোত জনসৰ্ম্পকৰ বৃদ্ধিৰ প্ৰয়াস অব্যাহত ৰাখি নিজা পুঁজি আৰু শ্ৰম দানেৰে সৰুপানীৰ ওদালি পথাৰত যাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰিলে আটক ধুনীয়া জিৰণী চ'ৰা। প্ৰায় দুই লাখ টকা ব‍্যয়ৰ সাপেক্ষে ওদালি পথাৰ কেম্পৰ সন্মুখত নিৰ্মাণ কৰা যাত্ৰী জিৰণী চ'ৰাটি এক আড়ম্বপূৰ্ণ অনুষ্ঠানৰ জড়িয়তে শুভ উদ্বোধন কৰা হয়।

এই উপলক্ষে ওদালি পথাৰস্থিত চি আৰ পি এফৰ শিবিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ১৪২ নং চি আৰ পি এফৰ অধিনায়ক চোমানাথ মহাৰাণা, ১৪২ নং চি আৰ পি এফৰ চিকিৎসক ডাঃ এ পি বাগ্ৰা, অতিৰিক্ত অধিনায়ক সন্তোস কুমাৰ সিন্‌হা, ডি চেক্টৰৰ কামাণ্ডাৰ শ্বাহজাহান, চি চেক্টৰৰ কামাণ্ডাৰ দিলীপ কুমাৰকে আদি কৰি চি আৰ পি এফৰ বিষয়াসকলক।

মেৰাপানীৰ ডি চেক্টৰৰ ভিতৰুৱা অঞ্চলটোৰ ৰাইজৰ বাবে উচৰ্গিত এই জিৰণী চ'ৰা মুকলি কৰি ১৪২ নং চি আৰ পি এফৰ অধিনায়ক চোমানাথ মহাৰাণাই জনসাধাৰণৰ বাবে নিৰপেক্ষতাৰে কাম কৰি যাব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত স্থানীয় ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি চি আৰ পি এফৰ উন্নয়ণমূলক কামৰ ভূয়সী প্ৰশংসা কৰে।

Also Read: মধ্যপ্ৰদেশৰ চিত্ৰকূটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৫, আহত ৩

CRPF merapani