সুস্থিৰ হোৱা নাই দিল্লীৰ বান পৰিস্থিতিঃ আশ্ৰয় শিবিৰতো জলপ্ৰলয়ৰ আক্ৰমণ...

সুস্থিৰ হোৱা নাই দিল্লীৰ বান পৰিস্থিতিঃ আশ্ৰয় শিবিৰতো জলপ্ৰলয়ৰ আক্ৰমণ...

ডিজিটেল ডেস্কঃ যমুনা নদীৰ পাৰ ভঙা জলপ্ৰলয়ত বিধস্ত ৰাজধানী। বিগত এসপ্তাহ ধৰি জলমগ্ন দেশৰ ৰাজধানী চহৰ দিল্লী। যমুনা নদীয়ে বিপদ সীমা অতিক্ৰম কৰি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে চহৰখনত।

ৰাজধানী চহৰ দিল্লীত এতিয়া পথ-উপপথকে ধৰি প্লাৱিত হৈছে ৰাজপথ। জলমগ্ন অৱস্থাত হাজাৰ হাজাৰ বাসগৃহ। চৰকাৰে স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰো ডুব গৈছে বানত। আশ্ৰয় শিবিৰ ডুব যোৱাৰ ফলত শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তৰ এতিয়া তথৈৱচ অৱস্থা।

চহৰখনৰ বিভিন্ন শিবিৰৰ লগতে পুৰণি দিল্লীৰ যমুনা বজাৰত স্থাপন কৰা সাহায্য শিবিৰো পানীৰ তলত। যাৰ বাবে পুনৰ স্থানান্তৰ কৰা হৈছে শিবিৰত আশ্ৰয় লোৱা লোকসকলক। উল্লেখ্য বানাক্ৰান্ত লোকৰ বাবে দিল্লী চৰকাৰে প্ৰায় ২,৭০০টা অস্থায়ী শিবিৰ স্থাপন কৰিছিল, য'ত চৰকাৰী তথ্য় অনুসৰি প্ৰায় ২৭,০০০ লোকে আশ্ৰয়ৰ লয়। পিছে এটা এটাকৈ এই শিবিৰবোৰো ডুব যোৱাত পানীত হাঁহ নচৰা অৱস্থা ৰাজধানীবাসীৰ।

আনহাতে দুখজনক কথাতো হ'ল যে সাহায্য শিবিৰত নাটনি হৈছে খাদ্য আৰু পানীৰ। এসাঁজ আহাৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা শাৰী পাতিব লগা হৈছে শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তই। বানাক্ৰান্তৰ এই দুৰৱস্থাত অসহায় হৈ পৰিছে কেজৰিৱাল চৰকাৰ।

সুস্থিৰ হোৱা নাই দিল্লীৰ বান পৰিস্থিতিঃ আশ্ৰয় শিবিৰতো জলপ্ৰলয়ৰ আক্ৰমণ...
বুৰঞ্জী বিষয়ত সৰ্বোচ্চ নম্বৰৰে উজ্বলিল নৌচিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in