চিকিৎসক অবিহনে চলিছে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

চিকিৎসক অবিহনে চলিছে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়। পূৰ্বৰ ৩০ খন বিছনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খন ১০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
চিকিৎসক অবিহনে চলিছে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়

ডিজিটেল সংবাদ, গহপুৰঃ চিকিৎসক অবিহনে চলিছে গহপুৰৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়। পূৰ্বৰ ৩০ খন বিছনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়খন ১০০ খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নিত কৰা হয়। লগতে যোৱা দুমাহৰ পূৰ্বে চিকিৎসালয়খনক অসামৰিক চিকিৎসালয়ৰ মৰ্যদা দি চিকিৎসালয়খনক ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় নামেৰে নামাকৰণ কৰা হয়।

Advertisment

অত্যাধুনিক কাৰ্যব্যৱস্থাৰে প্ৰায় ১৮ কোটিটকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বৰ্তমানৰ ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়খন ২০২২ চনৰ ২০ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিছিল।দেখিবলৈ ৰংচঙীয়া চিকিৎসালয়খনৰ পৰা গহপুৰ মহকুমাৰ সাধাৰণ জনতা যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছিল যদিও দিন বাগৰাৰ লগে লগে ৰাইজৰ আশা আকাংক্ষা পানী মিঠৈত পৰিণত হ'ল।

পূৰ্বতে প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক থকাৰ কাৰণে চিকিৎসালয়খনৰ পৰা প্ৰসূতি মাতৃসকল যথেষ্ট উপকৃত হৈ আহিছিল যদি উক্ত বিভাগৰ চিকিৎসক ডা: ৰঞ্জিত কাৰীয়ে কেইবামাহৰ পূৰ্বে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে। তাৰ পিছৰে পৰা চিকিৎসালয়খনত স্থায়ী ভিত্তিত নিযুক্ত নহ'ল প্ৰসূতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক।

ইপিনে সপ্তাহত তিনিদিনকৈ চিকিৎসা প্ৰদানৰ নিৰ্দেশ থকা বালিচাঙৰ শিশু ৰোগ বিশেষজ্ঞ ডা: নীতিশ মিলিয়েও নিজ খেয়াল খুচিমতেহে চিকিৎসা সেৱা আগবঢ়াই আহিছে অসামৰিক চিকিৎসালয়খনত।জৰুৰী সময়ত বহু ৰোগীক তেওঁ ডাঃ ৰঞ্জিত কাৰীৰ ব্যক্তিগত নাৰ্ছি‌ং হোমখনলৈ চিকিৎসাৰ বাবে মাতি পঠিওৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে।

ইপিনে চিকিৎসালয়খনত এনাস্থেছিয়া বিভাগৰ চিকিৎসক নথকাৰ ফলত চিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱ কৰা নাইবা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈ আহিছে।বৰ্তমান মেডিচাইন বিশেষজ্ঞ,অস্থিৰোগ বিশেষজ্ঞ,চকু বিশেষজ্ঞ,ই এন টি বিশেষজ্ঞ,হৃদৰোগ বিশেষজ্ঞ,পেথলজিষ্ট,ৰেডিঅ'লজিষ্টকে ধৰি বিভিন্ন বিভাগৰ চিকিৎসক নাই অসামৰিক চিকিৎসালয়খনত।

ইপিনে অসামৰিক চিকিৎসালয়লৈ উন্নিত হোৱা ছহিদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত আজিলৈকে সৃষ্টি নহ'ল অধীক্ষকৰ পদ।উপ অধীক্ষকৰ পদটোও চলি আছে ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে।চিভিল হস্পিতালৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া আৰু ব্লক পি এইছ চিৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়াৰ কাম কাজ পৰিচালিত হৈ আছে এজন চিকিৎসা বিষয়াৰ দ্বাৰা।

চিভিল হস্পিতালৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ অৱনী ৰয় অৱসৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ডা: ৰবীন্দ্ৰ নাথ দেউৰীয়ে পৰিচালনা কৰিবলগীয়া হৈ আহিছে দুয়োটা বিভাগ।ইপিনে অসামৰিক চিকিৎসালয়খনৰ আই চি ইউ কক্ষ ইতিমধ্যে মুকলি কৰা হ'ল যদিও চিকিৎসা আৰু স্বাস্থ্য কৰ্মীৰ প্ৰশিক্ষণৰ অভাৱত এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে আই চি ইউ কক্ষ।উল্লেখযোগ্য যে পূৰ্বতে সপ্তহটোৰ আটাইকেইদিন আলট্ৰাচাউণ্ড কৰাৰ সুবিধা থকা অসামৰিক চিকিৎসালয়খনত এতিয়া সপ্তাহৰ তিনিদিনহে হয় আলট্ৰাচাউণ্ড।

Also Read: চন্দ্ৰযান-৩ ৰ আন এক সফলতা...

keshab mahanta