/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e1c1b8ac-3c32-4c0a-bccc-5a6465018b39/fg.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ ভদীয়া বানৰ কৱলত পৰা গহপুৰৰ বাকৰিদলনিৰ বেকীজানৰ এক মৰ্মান্তিক দৃশ্যই চকু সেমেকাই তুলিব সকলোৰে। হঠাতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাই অহাৰ কাৰণে মৃতদেহ সৎকাৰৰ বাবে ঠাই বিচাৰি হাবাথুৰি খাব লগা হয় আত্মীয় তথা স্থানীয় ৰাইজ।
বানৰ পানীৰ মাজত নাঁৱত মৃতদেহ উঠাই সৎকাৰ কৰিবলৈ ওখ স্থান বিচাৰি নিব লগীয়া হয় বেকীজানত। উল্লেখ্য বাকৰি বেকিজানৰ নিৱাসী তথা কলংপুৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰাক্তন উচ্চ বৰ্গৰ কৰ্মচাৰী ৰাজেন ছেত্ৰী ভূড়তেলে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত মঙলবাৰে মৃত্যুক আকোৱালি লয়।
এগৰাকী সঙ্গীতজ্ঞ তথা সমাজকৰ্মী ৰাজেন ছেত্ৰীৰ নশ্বৰ দেহ সৎকাৰ কৰাৰ ক্ষেত্ৰত ভদীয়া বানে সমস্যাৰ সৃষ্টি কৰে। বানৰ কৱলত পৰা অঞ্চলটোত মৃতদেহ সৎকাৰৰ বাবে ওখ স্থানৰ অভাৱ ঘটাত ৰাইজে নাঁৱতে মৃতদেহ তুলি ওখ স্থান বিচাৰি ঘূৰি ফুৰিব লগা পৰিস্থিতিয়ে সকলোকে ব্যৰ্থিত কৰি তোলে।পৰবৰ্তী সময়ত নাৱেৰে পানী ফালি নি বহু দূৰৈত তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয়।
Also Read: বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৭ শতাংশ এলেকা, ১১ টা বন্যপ্ৰাণীৰ মৃত্যু