বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৭ শতাংশ এলেকা, ১১ টা বন্যপ্ৰাণীৰ মৃত্যু

ওখ ঠাইলৈ ঢাপলি বন্যজীৱকুলৰ ৷দুটা দিনত জলমগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪৭ শতাংশ এলেকা ৷

author-image
Asomiya Pratidin
New Update
 বানত জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৭ শতাংশ এলেকা, ১১ টা বন্যপ্ৰাণীৰ মৃত্যু

ডিজিটেল সংবাদ, কাজিৰঙাঃ বছৰৰ দ্বিতীয়টো বানত জলমগ্ন বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ওখ ঠাইলৈ ঢাপলি বন্যজীৱকুলৰ ৷দুটা দিনত জলমগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪৭ শতাংশ এলেকা ৷

Advertisment

ইতিমধ্যেই ৬৩ টা বন শিবিৰৰ তলেৰে বাগৰিছে বান ৷ বন বিভাগৰ সূত্ৰ মতে এই পৰ্যন্ত মৃত্যু হৈছে ১১ টা বন্যপ্ৰাণীৰ ৷ ইয়াৰে হৰিণা ৬ টা , ম’হ ১ টা, অজগৰ এডাল আৰু স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ সংখ্যা ৩ টা ৷ অহা ২৪ ঘন্টা ভিতৰত পানী আৰু বৃদ্ধি হোৱা সম্ভাৱনা ব্যক্ত কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

বানৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ জন্তুৱে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে একাংশই আশ্ৰয় লৈছে ৰাষ্ট্ৰীয় পথৰ কাষত। আনহাতে বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ প্ৰয়োজন সাপেক্ষে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

Also Read: আজি মুকলি হ'ব মালিগাঁও উৰণ সেতু...

flood