এজাক বৰষুণতে ছত্ৰঙৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে গহপুৰ

উৎকট গৰম আৰু প্ৰচণ্ড খৰাঙৰ কবলত পৰাৰ পিছত শনিবাৰে নিশা অহা এজাক বৰষুণতে ছত্ৰঙৰ বাঢ়নী পানীত বুৰ গ'ল গহপুৰ নগৰৰ মাজমজিয়াৰ এটা বৃহৎ অঞ্চল।

author-image
Asomiya Pratidin
New Update
এজাক বৰষুণতে ছত্ৰঙৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে গহপুৰ

ডিজিটেল সংবাদ,গহপুৰঃ উৎকট গৰম আৰু প্ৰচণ্ড খৰাঙৰ কবলত পৰাৰ পিছত শনিবাৰে নিশা অহা এজাক বৰষুণতে ছত্ৰঙৰ বাঢ়নী পানীত বুৰ গ'ল গহপুৰ নগৰৰ মাজমজিয়াৰ এটা বৃহৎ অঞ্চল।চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ডিচিচিৰ মইমতালী,অদূৰদৰ্শীতা আৰু অবিজ্ঞানসন্মত কামৰ লগতে গহপুৰ পৌৰসভাৰ দায়িত্বশীল অভিযন্তাৰ উপযুক্ত তদাৰকৰ অভাৱৰ বাবে এজাক বৰষুণতে বানৰ সৃষ্টি হ'ল গহপুৰ নগৰৰ মাজমজিয়াত।

Advertisment

পানী নিষ্কাষণৰ বাবে ডিচিচি কোম্পানীয়ে গহপুৰ নগৰৰ মাজৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে অবিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা এটা পকী নলাৰে ছত্ৰং নৈৰ বাঢ়নী পানী উভতি সোমাই আহে। সেই নলাৰ শ্লেৱৰ মাজেৰে পানী নিৰ্গত হৈ আজি বানৰ সৃষ্টি হয় গহপুৰ নগৰৰ মাজমজিয়াত।ইয়াৰ ফলত ট্ৰেফিক পইণ্টৰ পৰা হাস্পাতাল ৰোডৰ এটা অংশ সম্পূৰ্ণ ৰূপে পানীত ডুব যোৱাত ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি বয় বস্তু সামৰি নিৰাপদ ঠাই বিচাৰিবলগীয়া হয় খাটিখোৱা ব্যৱসায়ীসকলে।

ব্যৱসায়ীসকলে ডিচিচিৰ মইমতালী আৰু অদূৰদৰ্শীতাৰ বাবে তীব্র ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰি অহা ২৪ ঘণ্টাৰ ভিতৰত উক্ত পকীনলাৰ আঁসোৱাহ দূৰ কৰিবলৈ কঠোৰ দাবী জনায়।গহপুৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক অশ্বিনী বৰমূদৈয়ে ডিচিচিৰ উক্ত অবিজ্ঞানসন্মত কামক চোকা ভাষাৰে সমালোচনা কৰি অতি শীঘ্ৰে গহপুৰ নগৰৰ বান সমস্যাৰ দাবী জনায়।

ইপিনে আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰৱিদাসে কয় যে ৰাইজৰ কথাক তিলমানো গুৰুত্ব নিদি চুড়ান্ত মইমতালীৰে কাম কৰা ডিচিচিৰ বিৰুদ্ধে প্ৰশাসনে ক্ৰিমিনেল গোচৰ ৰুজু কৰি কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।উল্লেখযোগ্য যে-ছত্ৰং নৈৰ পৰা সংযোগ হোৱা উক্ত পকী নলাটো নিৰ্মাণ কৰাৰ সময়ত বহুতে আশংকা কৰিছিল যে ছত্ৰঙৰ বাঢ়নী পানী নলাটোৱেদি ভটিয়াই আহি গহপুৰ নগৰৰ মধ্যস্থলত বানৰ বিভীষিকাৰ সৃষ্টি কৰিব।যি কথা আজি প্ৰথম জাক বৰষুণতে প্ৰমাণিত হ'ল।

কিন্তু উক্ত পকী নলাটোৰ পৰা হ'ব পৰা সুবিধা-অসুবিধাৰ বিষয়ে সেইসময়ত বিজ্ঞানসন্মত ভাবে বুজ লোৱাৰ প্ৰয়াস নকৰিলে গহপুৰ পৌৰসভাৰ দায়িত্বশীল অভিযন্তা সকলে।নলাটোৰ আসোঁৱাহৰ যিটো কথা সাধাৰণ লোকৰ দৃষ্টিত ধৰা পৰিছিল সেই আসোঁৱাহ নলা নিৰ্মাণ স্থলীৰ গাতে লাগি থকা গহপুৰ পৌৰসভা কাৰ্যালয়ৰ অভিযন্তা কিম্বা গহপুৰ জলসম্পদ বিভাগৰ অভিযন্তা সকলৰ চকুত নপৰাৰ ফলতে এতিয়া ডিচিচি কোম্পানীৰ অবিজ্ঞানসন্মত কামৰ ফল ভুগীবলগীয়া হৈছে গহপুৰ নগৰৰ ব্যৱসায়ী সকলে।আজিৰ এই বান পৰস্থিতিৰ বাবে হস্পিতাল ৰোডেৰে যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে।

এফালে ডিচিচিৰ অবিজ্ঞানসন্মত নলা নিৰ্মাণ আনফালে ওখকৈ নিৰ্মাণ কৰা চাৰিলেনযুক্ত পথ আৰু এতিয়াও উন্মুক্ত হৈ থকা ছত্ৰঙৰ মথাউৰিয়ে চলিত বাৰিষাত যে গহপুৰ নগৰক জলাশয়ত পৰিণত কৰিব সেয়া এশ শতাংশ নিশ্চিত।এনে পৰিস্থিতিৰ পৰা গহপুৰ নগৰৰ বাসিন্দা তথা ব্যৱসায়ী সকলক গহপুৰ মহকুমা প্ৰশাসন আৰু গহপুৰ পৌৰসভাই কেনেদৰে সকাহ দিব পাৰিব সেয়া নিতান্তই লক্ষণীয় হ'ব।

ইপিনে আজি পুৱাবেলা গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা আৰু গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালীয়ে বান পৰিস্থিতিৰ বুজ লৈ গহপুৰ নগৰৰ ভুক্তভোগী ব্যৱাসায়ীসকল সৈতে মন বিনিময় কৰে।

Also Read: পথৰ পৰা ৩০০ ফুট তলত পৰিল যাত্ৰীবাহী বাহন, মৃত্যু কেইবাজনৰো

flood