/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1620e206-51ab-47b5-8f3a-b0c857548975/ruuuu.jpg)
ডিজিটেল সংবাদ,ইটানগৰঃ অৰুণাচল প্ৰদেশৰ অপাৰ সোৱণশিৰি জিলাৰ সদৰ ডাপ'ৰিজোৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৮ জন যাত্ৰী লৈ ইটানগৰলৈ আহি থকা এখন টাটা চুমু গাড়ী দুৰ্ঘটনাত পতিত হোৱাত চাৰিজনকৈ যাত্ৰী নিহত আৰু আন চাৰিজন আহত হয়।
গাড়ীখনৰ নম্বৰ AR 01F/ 2973। দুৰ্ঘটনাত নিহত কেইজনৰ নাম হৈছে লংকু টাড, য়ামেন লা, টাগাম বাজা আৰু চাইফুল ইছলাম। গাড়ীখনৰ চালক প্ৰদীপ গইৰউতৰ ভাৱে আহত হৈছে।
আহত সকলক ৰাগাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে ৰাগা-ডাপৰিজো পথ বহলকৰণৰ কাম চলি থকা বাবে পথৰ কাষৰ পাহাৰ কাটি থকা হৈছে আৰু চুমুখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় তিনিশ ফুট তললৈ বাগৰি পৰে। টুমলূকো নামৰ ঠাইখনৰ সংঘটিত হয় এই দুৰ্ঘটনাটো।
Also Read: ধিং এফ আৰ ইউত নাভূত-নাশ্ৰত কাণ্ড: বেমাৰীক দিলে ম্যাদ উকলি যোৱা চেলাইন