নৃশংস! কান্দি থকা বাবে পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে পুত্ৰক

গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে ৪ বছৰীয়া শিশুক।

author-image
Asomiya Pratidin
New Update
নৃশংস! কান্দি থকা বাবে পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে পুত্ৰক

ডিজিটেল ডেস্কঃ গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে ৪ বছৰীয়া শিশুক।

Advertisment

বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ  থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ।

আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক । উল্লেখযোগ্য যে পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ  চেষ্টা কৰিছিল।

কিন্তু ঘটনাৰ কথা গম পাই স্থানীয় এজন যুৱকে স্থানীয় গাওঁৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে ।

মনকৰিবলগীয়া যে লোকজনৰ পত্নী আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ  ডিমাপুৰত কৰ্মসূত্ৰে থাকে। জানিব পৰা মতে বিভিন্ন অপৰাধ মূলক কাৰ্যত জড়িত প্ৰশান্ত পূৰ্বেও বহুবাৰ জেললৈ গৈছে।

Also Read: চলিত বৰ্ষত ভাৰত ভ্ৰমণৰ বাবে আহিছে ৭.২ মিলিয়ন বিদেশী পৰ্যটক

crime Assam police