/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f83c74e9-4fee-4552-b137-bf5a3897b60d/Dangue.jpg)
ডিজিটেল সংবাদ, গহপুৰ : গহপুৰ মেলেৰিয়া বিভাগৰ উদ্যােগত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন। ১৬ মে'ৰ দিনটো ৰাষ্ট্ৰীয় ডেংগু দিৱস হিচাপে পালন কৰিছে মেলেৰিয়া বিভাগে। গহপুৰ ভোলাগুৰিত ডেংগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বাবে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰে গহপুৰ মেলেৰিয়া বিভাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/71e5c19b-2090-43f5-86f3-2b795614c04a/Screenshot__256_.png)
সজাগতা সমদলৰ লগতে ৰাইজৰ মাজত ডেংগুৰ বিষয়ে অৱগত কৰে। ঘৰৰ ভিতৰত যাতে ডেংগু মহে বংশ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে ল'ব লগা সাৱধানতাৰ ওপৰত ৰাইজৰ মাজত সজাগতা কৰে। ডেংগু ৰোগৰ পৰা আতৰি থাকিবলৈ ঘৰৰ ভিতৰে বাহিৰে মহৰ বংশ বৃদ্ধি বন্ধ কৰিবলৈ সকলোকে আহ্বান জনায় মেলেৰিয়া বিভাগে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5d5fc63b-5ffe-439f-9f28-03e2bb35de7b/Screenshot__257_.png)