গহপুৰৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ বিশেষ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন...

গহপুৰৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ বিশেষ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন...
গহপুৰৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ বিশেষ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন...

ডিজিটেল সংবাদ ছয়দুৱাৰ: গহপুৰ মহকুমাৰ ব্ৰহ্মাজান, বালিজান আৰু মাগনিৰ বৃহত্তৰ এলেকাৰ ৰাইজক সামৰি গঠিত চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ উদ্যোগত আজি ডিপৰাৰ শ্ৰী শ্ৰী মা কল্যাণী মন্দিৰৰ সভাগৃহত এখন বিশেষ গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ গ্ৰন্থ প্ৰকাশৰ কৰ্মসূচীৰ অধীনত চতুৰ্থখন গ্ৰন্থ হিচাপে বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ তথা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাম নাৰায়ণ গোস্বামীৰ "ভাৰতৰ পুণ্য ক্ষেত্ৰত এভুমুকি" শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।

গ্ৰন্থখন আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অপূর্ব ফুকনে। মনোগ্ৰাহী উন্মোচনী ভাষণ প্ৰদান কৰি সাংগঠনিক সম্পাদক অপূর্ব ফুকনে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সাংগঠনিক দিশটো অতিশয় সবল বুলি উল্লেখ কৰি কয় যে, শক্তিশালী সাংগঠনিক স্থিতিৰ বাবেই চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাই প্ৰতি মাহে একোখনকৈ গ্ৰন্থ প্ৰকাশ আৰু উন্মোচন কৰি গহপুৰত গ্ৰন্থ প্ৰকাশৰ এক জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

নিজৰ ভাষণত উন্মোচিত গ্ৰন্থখন পঢ়ুৱৈসকলে আদৰি ল'ব বুলি ফুুুুকনে আশা প্ৰকাশ কৰে। বিশিষ্ট সমাজকৰ্মী প্ৰতাপ গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা তথা প্ৰসন্ন শৰ্মাই মংগলাচৰণ কৰা সভাখনত মুখ্য অতিথিৰ আসনৰ পৰা বিশ্বনাথ জিলা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট কবি, নিবন্ধকাৰ মহেন্দ্ৰ গগৈয়ে গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰি গ্ৰন্থখনৰ লগতে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ গ্ৰন্থ প্ৰকাশৰ নিৰলস কৰ্মসূচীৰ শলাগ লয়।

চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেন কাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু উপ-সভাপতি খগেন সন্দিকৈ, সম্পাদক বিনোদ আত্ৰেয়ই সামগ্ৰিকভাবে আঁত ধৰা সভাখনত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰে। শতাধিক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থকা সভাখনত সমজুৱাৰ ফালৰ পৰা চমু বক্তব্য প্ৰদান কৰি কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈ, সুৰভি সাহিত্য সমাজৰ সভাপতি নিত্য ভূঞা, সাহিত্যসেৱী কীৰ্তি শৰ্মা, দ্বিজেন ভূঞা, বিশিষ্ট সাহিত্যিক তৰুণ বৰুৱাই চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাই ধাৰাবাহিকভাবে গ্ৰন্থ প্ৰকাশ কৰি অহা কাৰ্যৰ শলাগ লোৱাৰ লগতে সভাত উন্মোচিত গ্ৰন্থখন আদৰি ল'বৰ বাবে পঢ়ুৱৈ ৰাইজক আহ্বান জনায়।

গাম্ভীৰ্য পূৰ্ণ সভাখনত চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক শৰৎ দাস, ত্ৰৈলোক্য বৰা, পত্ৰিকা সম্পাদক পংকজ দাস, কাৰ্যকৰী সদস্য ৰজিত বৰদলৈ, বিশ্বনাথ জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ আহ্বায়িকা দীপা শইকীয়াসহ একাধিক গণ্য মান্য ব্যক্তিৰ লগতে গ্ৰন্থকাৰৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।

গহপুৰৰ চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ বিশেষ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন...
গোলাঘাটৰ মৃত্যু দূতৰূপী বাছখনৰ গৰাকী নগাঁৱৰ নব নে দেৰগাঁৱৰ বিপিন?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in