কাণসাৰ নাই স্থানীয় বিধায়কৰঃ অৰুণাচলীয়ে সাজি দিলে গহপুৰৰ দলং...

কাণসাৰ নাই স্থানীয় বিধায়কৰঃ অৰুণাচলীয়ে সাজি দিলে গহপুৰৰ এখন দলং

author-image
Asomiya Pratidin
New Update
কাণসাৰ নাই স্থানীয় বিধায়কৰঃ অৰুণাচলীয়ে সাজি দিলে গহপুৰৰ দলং...

ডিজিটেল সংবাদ, গহপুৰঃ উত্তৰ অসমৰ এখন উল্লেখযোগ্য ঠাই হৈছে গহপুৰ। এই গহপুৰৰে এন চি সোণাপুৰত থকা এখন বাঁহৰ দলং ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে নিৰ্মাণ কৰি দিলে এগৰাকী অৰুণাচলী লোকে। গহপুৰৰ অন্যতম পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীৰ বানে বিগত বৰ্ষৰ জুন মাহতে এন চি সোণাপুৰৰ গুৰুত্বপূৰ্ণ পথটোৰ এটা অংশ ছিঙিছিল।

Advertisment

১০খনৰো অধিক গাঁও তথা অসম অৰুণাচল প্ৰদেশ সীমন্তৰ ৰাজগড় আলি সংযোগী লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথটোৰ ভগ্ন অংশত ৰাইজে এখন বাঁহৰ দলং সাজি যাতায়াত কৰি আছিল। কিন্তু সদাব্যস্ত পথটোৰ উক্ত বাঁহৰ দলঙখন অতি কম দিনৰ ভিতৰতে বিধ্বস্ত অৱস্থালৈ গতি কৰিলে। যাৰ বাবে যাতায়াত কৰোঁতে দুৰ্ঘটনাত পতিত হয় এজন অৰুণাচলী লোকৰ বাহন।

ভুক্তভোগী অৰুণাচলী লোকজনে দুৰ্ঘটনাত পতিত হোৱাৰ অভিজ্ঞতা আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ সমস্যা উপলব্ধি কৰি ৰাইজৰ সহযোগত নিৰ্মাণ কৰি দিয়ে দলংখন। পূৰ্বৰ তুলনাত অলপ ডাঙৰকৈ নিৰ্মাণ কৰা বাঁহৰ দলং খনেৰে বৰ্তমান সহজতে পাৰাপাৰ হ'ব পাৰে দুচকীয়া বাহনৰ লগতে ই-ৰিক্সা জাতীয় লঘু বাহন। গহপুৰ সমষ্টিত এজন জনপ্ৰতিনিধি থকাৰ পাছতো অৰুণাচলী লোকে দলং নিৰ্মাণ কৰি দিয়া কাৰ্যই প্ৰতিফলিত কৰিছে গহপুৰ সমষ্টিৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ নমুনা।

Also Read: আৰক্ষীৰ জিম্মাতে মৃত্যু মেৰাপানী হত্যাকাণ্ডৰ অভিযুক্ত...

ASSAM GOVERNMENT