আয়োজক কমিটিক প্ৰতাৰণা অভিনন্দন থিয়েটাৰৰ

পুনৰ অভিনন্দন থিয়েটাৰে প্ৰতাৰণা কৰিলে থিয়েটাৰ আমন্ত্ৰণ কমিটিক। গহপুৰৰ ৰাঙলিয়ালৰ ডাইনেমিক ইউথ ক্লাবৰ উদ্যোগত আজিৰে পৰা বালিজান ছোৱালী হাইস্কুল খেলপথাৰত নাট্যদৰ্শনী প্ৰদৰ্শন কৰাৰ কথা আছিল। পিছে আজি থিয়েটাৰৰ পেণ্ডেল নপৰিল খেলপথাৰখনত।

author-image
Asomiya Pratidin
New Update
আয়োজক কমিটিক প্ৰতাৰণা অভিনন্দন থিয়েটাৰৰ

ডিজিটেল সংবাদ, গহপুৰঃ পুনৰ অভিনন্দন থিয়েটাৰে প্ৰতাৰণা কৰিলে থিয়েটাৰ আমন্ত্ৰণ কমিটিক। গহপুৰৰ ৰাঙলিয়ালৰ ডাইনেমিক ইউথ ক্লাবৰ উদ্যোগত আজিৰে পৰা বালিজান ছোৱালী হাইস্কুল খেলপথাৰত নাট্যদৰ্শনী প্ৰদৰ্শন কৰাৰ কথা আছিল। পিছে আজি থিয়েটাৰৰ পেণ্ডেল নপৰিল খেলপথাৰখনত।

Advertisment

কমিটিৰ ফোন ৰিচিভ নকৰা হ'ল থিয়েটাৰ কৰ্তৃপক্ষই । আজি ৰাজদ‌্বীপৰ বেনামী প্ৰিয়া নাটকখনি ৰাইজক দেখুওৱা কথা আছিল। ইতিমধ্যে ১.১৫ লাখ টকা আগধন দিছিল থিয়েটাৰ কৰ্তৃপক্ষক। প্ৰায় এক লাখ সত্তৰ হাজাৰ টকা খৰচ কৰিছিল ৰাঙলিয়ালৰ কমিটি খনে। এতিয়া উপায়হীন হৈ আইনৰ কাষ চপাৰ সিদ্ধান্ত লৈছে কমিটিখনে।

Also Read: ৰঙিয়াত এছএছএছবি জোৱানৰ ইণ্ডো ভূটানৰ শিক্ষামূলক ভ্ৰমণ

gohpur mobile theater abhinandan theater