পুৱাই গোগামুখ চাউলধোৱাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ...

author-image
Asomiya Pratidin
New Update
পুৱাই গোগামুখ চাউলধোৱাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ...

ডিজিটেল ডেস্কঃ গোগামুখৰ চাউলধোৱাত পুৱাই সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আল্ট্ৰা বাছৰ সৈতে নেক্সন বাহনৰ হোৱা সংঘৰ্ষত থিতাতে মৃত্যু হয় দুজন লোকৰ। মৃত্যু হোৱা দুজন লোক নেক্সন বাহন খনৰ যাত্ৰী আছিল।

Advertisment

দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। দুৰ্ঘটনাত পতিত হোৱা টাটা নেক্সন বাহনখনৰ নম্বৰ AS07V6761 আৰু এ এছ টি চি বাছখনৰ নম্বৰ AS12AC3061 ।

উল্লেখ্য য, বাছখন গৈ আছি তেজপুৰৰ পৰা ধেমাজি অভিমুখে আৰু টাটা নেক্সন বাহনখন গৈ আছিল লখিমপুৰৰ পৰা গোগামুখ অভিমুখে।

Also Read: মণ্ডলে লগালে কন্দল:চৰকাৰক জনহিতকৰ কামৰ বাবে দান দিব ৯২ বিঘা মাটি !

road accident