/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
লক্ষীপুৰ উন্নয়নখণ্ডৰ কাৰ্যালয়ত হাতীৰ তাণ্ডৱঃ এগৰাকী বৃদ্ধাৰ মৃত্যু...
ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।
এইবাৰ গোৱালপাৰাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস।
জিলাখনৰ লক্ষীপুৰত বন্যহস্তীয়ে আক্ৰমণ কৰিলে এগৰাকী বৃদ্ধাক।
বন্যহস্তীৰ আক্ৰমণত নিহত ৮৫ বছৰীয়া বৃদ্ধা।
নিহত বৃদ্ধাগৰাকীৰ নাম সুতুৰী ৰাভা।
লক্ষীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত সংঘটিত হৈছে এই ঘটনা।
হাতীৰ সন্ত্ৰাসৰ বাবে উন্নয়নখণ্ডৰ কাৰ্যালয়ত আৱদ্ধ হৈ আছিল প্ৰায় ১৫ গৰাকী লোক।
খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল এটা হাতীৰ জাক।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা।
অৱশ্যে বনকৰ্মীয়ে নিশা প্ৰায় ১-৩০ বজাত হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়।
Also Read: চৰাইদেউৰ মাইবেলাত হাতে-হাতে দগা-পাল্লালৈ এজাক মহিলা...