চৰাইদেউৰ মাইবেলাত হাতে-হাতে দগা-পাল্লালৈ এজাক মহিলা...

চৰাইদেউ মাইবেলাত হাতে-হাতে দগা-পাল্লালৈ এজাক মহিলা। পুৰুষ নহয়, এইবাৰ মহিলাৰ এখন বজাৰ...

author-image
Asomiya Pratidin
New Update
চৰাইদেউৰ মাইবেলাত হাতে-হাতে দগা-পাল্লালৈ এজাক মহিলা...

ডিজিটেল সংবাদ, চৰাইদেউঃ পুৰুষ নহয়, এইবাৰ মহিলাৰ এখন বজাৰ৷ মহিলা দ্বাৰা চৰাইদেউ জিলাৰ মাইবেলাত শুকুৰবাৰে শুভাৰম্ভ কৰা হয় এখন বিশেষ সাপ্তাহিক বজাৰ। অঞ্চলটোৰ ১০১নং গ্ৰাণ্টৰ মহিলাসকলে ৰাইজৰ দৈনিক প্ৰয়োজন হোৱা খাদ্য-সামগ্ৰী, ঘৰতে উৎপাদিত শাক-পাচলি আৰু অন্যান্য সামগ্ৰী উপলদ্ধ হোৱাকৈ সপ্তাহৰ প্ৰতি শুকুৰবাৰে মাইবেলাত এখন মহিলা বজাৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰৰ সন্মুখৰ বজাৰ গৃহত মুকলি কৰে৷

Advertisment

বজাৰখনৰ অনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্থানীয় জ্যেষ্ঠ ব্যক্তি তথা তাপ বিদ্যুৎ কেন্দ্ৰটোৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কেশৰাম গগৈয়ে ৷ সমাজত মহিলাসকল যে কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই তাৰেই নিদৰ্শন দাঙি ধৰা এই বজাৰখনত প্ৰথম দিনাই ভিৰ কৰে বহু গ্ৰাহকে। বজাৰখনৰ জৰিয়তে এনেদৰে স্বাৱলম্বীতাৰ পথ বাচি লৈ যথেষ্ট সুখী অনুভৱ কৰিছে মহিলা বিক্ৰেতাসকলে।

Also Read: জামুগুৰিহাটৰ বালিজুৰিত যান-বাহনত আৰক্ষীৰ তীব্ৰ তালাচী...

women empowerment