২৫ বছৰে বসবাস কৰা পৰিয়ালক ভূমি এৰিবলৈ নিৰ্দেশ বন বিভাগৰ

AGRANI KHABAR
AGRANI KHABAR

ডিজিটেল সংবাদ, জাগীৰোডঃ বন বিভাগৰ এখন জাননীয়ে নিদ্ৰা হৰণ কৰিছে জাগীৰোডৰ দক্ষিণ ধৰমতুলৰ এটা পৰিয়ালৰ ৷ বিছু হাজৰিকা আৰু তৰামাই হাজৰিকাৰ ভূমিহীন দুখীয়া পৰিয়ালটোৱে বিগত প্ৰায় ২৫ বছৰে বসবাস কৰি আহিছে ধৰমতুলৰ এডৰা চৰকাৰী ভূমিত ৷ দিনহাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি অহা পৰিয়ালটোৱে শেহতীয়াকৈ লাভ কৰিছে এটা চৰকাৰী ঘৰ ৷ কিন্তু ঘৰটো সাজি সম্পূৰ্ণ নহওঁতেই পৰিয়ালটোলৈ আহিল পশ্চিমাঞ্চল ধৰমতুল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ জাননী ৷

দুখনকৈ জাননীৰ জৰিয়তে বছৰ বছৰ ধৰি বসবাস কৰি অহা পৰিয়ালটোক উক্ত স্থান খালি কৰিবলৈ দিছে নিৰ্দেশ ৷ বিভাগীয় চীল-মোহৰ নথকা জাননী লাভ কৰাৰ পিছতে মূৰত সৰগ ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটোৰ ৷ ইফালে আন বহু লোকে বন বিভাগৰ ভূমিত পকী ঘৰ সাজি বসবাস কৰি আহিছে যদিও, কেৱল দুখীয়া পৰিয়ালটোক এই জাননী প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

সেয়ে উপায়ন্তৰ পৰিয়ালটোৱে এতিয়া কাষ চাপিছে সংবাদ মাধ্যমৰ ৷ ভূমিহীন খিলঞ্জীয়া পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক জনাইছে আহ্বান ৷ আনহাতে সমূহীয়াকৈ নকৰি কি কাৰণত বন বিভাগে কেৱল দৰিদ্ৰ পৰিয়ালটোক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিলে সেয়াও ৰহস্যজনক ৷

AGRANI KHABAR
বহিঃৰাজ্যত নিৰুদ্দেশ বকোৰ মাধৱ দাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in