গোৱালপাৰাত 'অসমীয়া প্ৰতিদিন'কে ধৰি কেইবাখনো কাকতৰ টোপোলা চুৰি

গোৱালপাৰাত 'অসমীয়া প্ৰতিদিন'কে ধৰি কেইবাখনো কাকতৰ টোপোলা চুৰি

ডিজিটেল সংবাদ, গোৱালপাৰাঃ শুকুৰবাৰে পুৱা গোৱালপাৰা চহৰৰ বি অ' চিৰ 'এম এম অধিকাৰী' নামৰ পুৰণি কাকত প্ৰতিষ্ঠানটোৰ পৰা 'অসমীয়া প্ৰতিদিন'কে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত 'নিয়মীয়া বাৰ্তা' আৰু 'দি অসাম ট্ৰিবিউন' কাকতৰ সমূদায় টোপোলা কোনো দুৰ্বৃত্তই চুৰি কৰে। ফলত তিনিওখন কাকতৰ শুকুৰবাৰৰ সংখ্যাৰ পৰা বঞ্চিত হয় চহৰখনৰ পঢ়ুৱৈ সমাজ। দুৰ্বৃত্তই সংঘটিত কৰা এই চুৰি কাণ্ডকলৈ চহৰখনত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

উল্লেখ্য যে অসমীয়া প্ৰতিদিন কাকতৰ বঙাইগাঁও সংস্কৰণৰ কাকত যোগান ধৰা বাহনখনে শুকুৰবাৰে পুৱা ৫বজাত এম এম অধিকাৰীৰ কাকত প্ৰতিষ্ঠানক কাকতৰ টোপোলাসমূহ দি থৈ উভতি যোৱাৰ পিচতে প্ৰতিষ্ঠানটোৰ চৌহদৰ পৰা কাকতৰ‌ টোপোলাসূহ উধাও হয়। আনদিনৰ দৰে নিৰ্দিষ্ট হ'কাৰ এজনে প্ৰথমে কাকত নিবলৈ আহি প্ৰতিষ্ঠানটোৰ চৌহদৰ ভিতৰত আন কাকত, আলোচনীসমূহৰ মাজত উল্লেখিত কাকত তিনিখনৰ টোপোলাসমূহ বিচাৰি নোপাৱাত প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক অৱগত কৰাতহে টোপোলাসমূহ কোনো দুৰ্বৃত্তই চুৰি কৰা বুলি নিশ্চিত কৰা হয়।

চুৰি হোৱা কাকতৰ টোপোলাসমূহৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতৰ তিনিটা টোপোলাত সৰ্বাধিক সংখ্যক কাকত আছিল। তেনেদৰে নিয়মীয়া বাৰ্তাৰ এটি টোপোলাত ১১০কপি আৰু দি আসাম ট্ৰিবিউনৰ এটি টোপোলাত কাকতৰ সংখ্যা আছিল ১০০কপি।

কাকত প্ৰতিষ্ঠানটোৰ হৈ প্ৰতিষ্ঠানটোৰ দায়িত্বশীল কৰ্মচাৰী ভানু কুমাৰ‌ নন্দিয়ে এই সন্দৰ্ভত গোৱালপাৰা সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল‌ কৰিছে বুলি জানিব পৰা গৈছে।

কাকতৰ টোপোলা চুৰি কাণ্ডকলৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ত কৰাৰ দাবী জনাইছে। চি পি আই(এম)ৰ সম্পাদক পাৰভেজ আলীয়ে প্ৰতিক্ৰিয়া কৰি কয়-ৰাজনৈতিক বতৰত কাকতৰ টোপোলা চুৰি নহয়,পৰিকল্পিতভাৱে উধাও কৰা হয়।

ইমান দিনে কিন্তু গোৱালপাৰা চহৰত কাকতৰ টোপোলা চুৰি হোৱা নাছিল। এই নিৰ্বাচনী বতৰত বা ৰাজনৈতিক গৰম খবৰ চলি থকা সময়ত অসমীয়া প্ৰতিদিনকে ধৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ বাতৰি কাকতৰ টোপোলা কিয় উধাও কৰা হ'ল বুলি তেওঁ তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয়- এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ,যাতে সাধাৰণ জনতাই কাকতৰ জৰিয়তে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বা ৰাজনৈতিক বা-বাতৰি বুজিব আৰু পঢ়িব নোৱাৰে। কাকত হ'ল সমাজৰ দাপোন। কাকতৰ ওপৰত আক্ৰমণ কৰা মানে সমাজখনক আক্ৰমণ কৰা।

গতিকে কাকত উধাও কৰা এক অক্ষমণীয় অপৰাধ। অপৰাধীক কৰায়ত্ত কৰাৰ বাবে সম্পাদক তথা যুৱনেতা পাৰভেজ আলীয়ে দাবী জনাইছে।

বিশিষ্ট সমাজকৰ্মী ননী দাসেও কাকতৰ টোপোলা চুৰি হোৱা কাণ্ডক সহজভাৱে মানি নলৈ ইয়াৰ এক উচিত তদন্ত দাবী কৰি দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ দাবী জনাইছে। গোৱালপাৰা জিলা ছাত্ৰ মুক্তিৰ সভাপতি জাকিৰ হুছেইন, জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰী, জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি, সম্পাদক চৈয়দ ৰবিউল‌ হক আৰু জাহিদুল ইছলামেও‌ কাকতৰ টোপোলা চুৰি হোৱা ঘটনাক তীব্ৰ নিন্দা কৰি শীঘ্ৰেই দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

গোৱালপাৰাত 'অসমীয়া প্ৰতিদিন'কে ধৰি কেইবাখনো কাকতৰ টোপোলা চুৰি
কালাইগাঁৱত দিলীপ শইকীয়া আৰু নগাঁৱত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in