/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ce841a3b-d1f4-4dc9-89c0-e54b529d14d3/85.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যজুৰি ৫টা লোকসভা সমষ্টিত চলি আছে সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এনে সময়তে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দৰং-ওদালগুৰি আৰু নগাঁৱত দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4c807e0c-873f-4ddc-91ce-98af87c202eb/438762139_1007616030728097_3413806290026028550_n.jpg)
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ কলাইগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে আনগৰাকী প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নগাঁৱৰ লগতে ধিং আৰু ৰহাতো সহস্ৰাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/6985e347-efb5-4e4d-9d65-53758e897f7f/438931208_976446210716317_9187176645594466545_n.jpg)
কালাইগাঁৱত অনুষ্ঠিত প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে দিলীপ শইকীয়াক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে ৰাইজক আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আমি সকলো সাজু হৈ আছো। বিজেপিয়ে চৰকাৰ বনাব। মাত্ৰ ২৬ তাৰিখ আহিব আৰু ইভিএমত মাত্ৰ পদুম ফুলটো চাম আৰু ভোট লগাই যাম।
কালাগাঁৱত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীগৰাকীৰ উপৰি প্ৰাৰ্থী দিলীপ শইকীয়া, প্ৰমোদ বড়ো, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতাৰ লগতে ভালেকেইগৰাকী দলীয় নেতা উপস্থিত থাকে। ইয়াৰোপৰি উক্ত সমষ্টিটোৰ অন্তৰ্গত অগণন ৰাইজ উপস্থিত থাকে।
কালাইগাঁৱৰ সভা সম্পন্ন কৰিয়েই মুখ্যমন্ত্ৰীগৰাকী নগাঁৱত অনুষ্ঠিত বিজয় সংকল্প সভালৈ ৰাওনা হয়। নগাঁৱকে ধৰি ৰহা আৰু ধিঙত মুখ্যমন্ত্ৰীগৰাকীয়ে সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
উক্ত সভাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- অহা ২৬তাৰিখে সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ ভৱিষ্যতে প্ৰধানমন্ত্ৰী কোন হ'ব। আমি যদি নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰো আৰু ৰাজ্যখন আগবাঢ়ি যোৱাটো বিচাৰো তেন্তে আমি নিশ্চয় নৰেন্দ্ৰ মোডীক ভোট দিব লাগিব।
তাৰ বাবে পদুম ফুলৰ ছবিত ভোট দিব লাগি। তেতিয়াহে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব। ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰি কেতবোৰ মন্তব্য কৰে।
উক্ত সভাত প্ৰাৰ্থী সুৰেশ বৰাৰ উপৰি বিধায়ক ৰূপক শৰ্মা, অভিজিত নাথ, মণিমাধৱ মহন্ত, অম্বিকা মজুমদাৰ, সীমান্ত বৰা আদিৰ লগতে মণ্ডল সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Also Read: ধেমাজিত অবৈধভাৱে ভোটদান,তীব্ৰ উত্তেজনা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us