/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-08/nzr3b7ii/goalpara 8.jpg)
গোৱালপাৰাত নিশা গুলীবিদ্ধ ডকাইত...
ডিজিটেল ডেস্কঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰত সংঘটিত হৈছে আৰক্ষীৰ গুলী চালনাৰ ঘটনা। এই ঘটনাত এটা ডকাইত আহত হৈছে। উল্লেখ্য যে, যোৱা ৩১ জুলাইৰ নিশা সংঘটিত হোৱা এক ডকাইতি কাণ্ডৰে জড়িত থকাৰ অভিযোগত বুধবাৰে লক্ষীপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰিছিল দুজনক।
ধৃত দুই ডকাইত লক্ষীপুৰৰ নিদানপুৰৰ ময়নাল হক চৌধৰীৰ পুত্র জাহিদুল আকতাৰ চৌধৰী আৰু চুপাৰীভিটাৰ লালচান আলীৰ পুত্র নুৰ আলম। অভিযোগ অনুসৰি এই দুই ডকাইতে লুটি নিছিল ধন-সোণসহ মোবাইল ফোন।
বুধবাৰে নিশা আৰক্ষীয়ে ডকাইতে গৃহস্থৰ পৰা লৈ যোৱা মোবাইল ফোনটো উদ্ধাৰ বাবে বৰদল নাম এখন ঠাইলৈ লৈ গৈছিল। আৰক্ষীৰ ভাষ্য অনুসৰি তাৰ পৰাই সুযোগ বুজি পলায়নৰ চেষ্টা কৰিছিল নুৰ আলম আলী নামৰ ডকাইতটো।
ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে নুৰ আলমৰ ভৰিত গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুলীবিদ্ধ নুৰ আলমক নিশাই ভৰ্তি কৰোৱা হয় গোৱালপাৰা অসমাৰিক চিকিৎসালয়ত। বৰ্তমান চিকিৎসালয়তে আছে গুলীবিদ্ধ এই ডকাইতটো।
Also Read: শেষ হৈ গ'ল শক্তি, হেৰুৱালে সাহসঃ মল্লযুঁজক বিদায় দিলে বিনেশ ফোগাটে