ডিজিটেল ডেস্কঃ ‘’ মা মল্লযুঁজে মোক হৰুৱাই দিলে, মই হাৰি গলো, ক্ষমা কৰিবা। আপোনাৰ সপোন, মোৰ সাহস সকলো ভাঙি গৈছে। মোৰ আৰু শক্তি নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪। আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম। ‘’- শক্তিশালী ৰাষ্ট্ৰৰ বিৰুদ্ধে ৪০ দিনকৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ, দিল্লী আৰক্ষীৰ ৰঙা চকুৰ সন্মুখতো সাহসেৰে থিয় দিবলৈ ভয় নকৰা বিনেশ ফোগাটে অৱশেষত হেৰুৱাই পেলালে সকলো সাহস।
পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুঁজৰ ৫০ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি ফাইনেলত প্ৰৱেশ কৰিও পদকৰ পৰা বঞ্চিত হ’ল বিনেশ ফোগাট। কেৱল পদক বঞ্চিত হোৱাই নহয় তেওঁক প্ৰতিযোগিতাখনৰ পৰাই অযোগ্য ঘোষণা কৰা হৈছে। তেওঁৰ স্থান এতিয়া একেবাৰে তলত।
হাৰিয়ানাৰ পৰা গৈ বিশ্ব ক্ৰীড়াংগনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বিনেশ ফোগাট কেৱল এটা নাম নহয়, মল্লযুঁজত ভাৰতৰ পৰিচয়। কমনৱেলথ গেমছ, এছিয়ান গেমছ, বিশ্ব চেম্পিয়নশ্বিপ সকলোতে তেওঁৰ নামত আছে একাধিক পদক। নাছিল কেৱল অলিম্পিক পদক।
ৰিঅ’ অলিম্পিকত আঘাতৰ সন্মুখীন হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱা ফোগাট টকিঅ’ অলিম্পিকটো কোৱাৰ্টাৰ ফাইনেলৰ পৰাই বাহিৰ হৈছিল। পেৰিছত তেওঁ সেই ধাৰাবাহিকতা ভংগ কৰিছিল। সকলো প্ৰত্যাহ্বান নেওচি তেওঁ প্ৰৱেশ কৰিছিল ফাইনেলত। নিশ্চিত হৈ আছিল ৰূপৰ পদক। তেওঁৰ লক্ষ্য আছিল সোণ।
কিন্তু বুধবাৰে পুৱাই শেষ হৈ গ'ল সকলো। ৫০ কেজিতকৈ তেওঁৰ ওজন ১০০ গ্ৰাম অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা কৰিলে প্ৰতিযোগিতাখনত। চৰকাৰ, ফেডাৰেচন সকলোৰে সৈতে যুঁজি যুঁজি পেৰিছলৈ যোৱা, পেৰিছত গৈ বৰ্তমানৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মল্লযুঁজাৰুক পৰাস্ত কৰিও নাভাগৰা বিনেশ ফোগাট এতিয়া ভাগৰি পৰিল।
তেওঁৰ সৈতে ঘটা এই অবাঞ্চিত ঘটনাত সম্পূৰ্ণৰূপে ভাঙি পৰিল। ইয়াৰ পিছতেই তেওঁ এক্সৰ জৰিয়তে ঘোষণা কৰিলে মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা। এক্সত তেওঁ লিখা বাক্যশাৰীতেই স্পষ্ট হৈছে কিমান বেয়াকৈ ভাঙি পৰিছে তেওঁ।
৫৩ কেজি শাখা আছিল বিনেশৰ। এই শাখাত এইবাৰ ভাৰতীয় মল্লযুঁজ সংস্থাই বিনেশক প্ৰেৰণ কৰিবলৈ বিচৰা নাছিল। দিল্লীত কৰি থকা ৪০ দিনীয়া প্ৰতিবাদৰ পাছতেই তেওঁ সতীৰ্থৰ সৈতেই অলিম্পিক যোগ্যতাৰ বাবে প্ৰতিদ্বন্দিতাত নামিছিল। প্ৰতিবাদৰ বাবেই দীৰ্ঘনি ধৰি উপযুক্ত অনুশীলনৰ পৰা আঁতৰি থকাৰ বাবেই পৰাস্ত হৈছিল ৫৩ কেজি শাখাত।
অলিম্পিক পদক জয়কেই জীৱনৰ অন্তিম লক্ষ্য হিচাপে লোৱা বিনেশ ফোগাটে হাৰ মনা নাছিল। ওজন হ্ৰাস কৰি ৫০ কেজি শাখাত পেৰিছলৈ অৰ্জন কৰিলে যোগ্যতা। কিন্তু অন্তিম মুহূৰ্তত সকলো শেষ হৈ পৰিল। ভুল কাৰ আৰু ক’ত হ’ল তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া। সন্দেহ হৈছে বহুতৰে।
পেৰিছ অলিম্পিকেই আছিল বিনেশ ফোগাটৰ অন্তিম অলিম্পিক। অলিম্পিকৰ পূৰ্বেই এই কথ জনাইছিল ফোগাটে।সেই ধৰণেই খেলিছিল তেওঁ। উজাৰি দিছিল সকলো। প্ৰথমে তেওঁ পৰাস্ত কৰিছিল টকিঅ’ অলিম্পিকৰ সোণৰ পদক জয়ী চুচাকী উইক। এইগৰাকী প্ৰতিদ্বন্দিয়েই আছিল সকলোতকৈ কঠিন প্ৰত্যাহ্বান।কিয়নো আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ৮২ বাৰ জয় হৈছে তেওঁ। বিনেশৰ সৈতে খেলাৰ আগমুহূৰ্তলৈকে এখন মেচতো পৰাস্ত হোৱা নাছিল তেওঁ।
চুচাকিক পৰাস্ত কৰাৰ পিছত বিশ্বৰ শীৰ্ষ স্থানৰ তাৰকা ওকছানা লিভাচক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল বিনেশ ফোগাট। ছেমি ফাইনেলত বিনেশে পৰাস্ত কৰিছিল কিউবাৰ মল্লযুঁজাৰু গুজমান লোপেজক। বিনেশৰ এনে প্ৰদৰ্শনত সমগ্ৰ দেশবাসীয়ে দেখিছিল অলিম্পিক সোণৰ পদকৰ স্বপ্ন।
কিন্তু সেই সপোন পূৰণ নহ’ল। ১০০ গ্ৰাম ওজন বৃদ্ধি হৈ অযোগ্য হ’ল বিনেশ ফোগাট। কেনেকৈ বাঢ়িল এই ১০০ গ্ৰাম ওজন? তেওঁৰ সতীৰ্থই সংবাদ মাধ্যমক জনাইছে ছেমি ফাইনেলৰ পিছত বিনেশৰ ওজন প্ৰায় ৫৩ কেজি হৈছিলগৈ। গোটেই নিশা কষ্ট কৰাৰ পিছত ৫০.১ কেজিলৈ হ্ৰাস পাইছিল। কেনেকৈ ইমান বেছি ওজন বৃদ্ধি পালে? কিয় তেওঁক ফিট কৰি তোলা নহ’ল? আঁৰত আছে নেকি কাৰোবাৰ ষড়যন্ত্ৰ? এনে অনেক প্ৰশ্ন এতিয়া উত্থাপন হৈছে।
এনেবোৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় ওলাব। ইয়াৰ আঁৰত সন্দেহ কৰাৰ দৰেই ষড়যন্ত্ৰ আছেনে নে সঁচাকৈয়ে বিনেশ ফোগাটৰ লগত স্বাভাৱিকভাৱেই এনে ঘটনা ঘটিল সেয়া সময়ে ক’ব। হয়তো দেশলৈ ঘূৰি আহি বিনেশ ফোগাটে কিছু কথা ক’ব। তাৰ পূৰ্বেই এই কথা স্পষ্ট হৈ পৰিল, যুঁজিবলৈ আৰু অৱশিষ্ট সাহস নাই ভাৰতৰ এইগৰাকী মল্লযুঁজাৰুৰ। শেষ হৈ গৈছে তেওঁৰ সাহস আৰু শক্তি।